মালৈ চিঠি //@snapchat

মৰমৰ মা,

        চাওঁতে চাওঁতে আজি তোক নেদেখা প্ৰায় দুবছৰেই পাৰ হ'ল । তোলৈ আজি বৰকৈ মনত পৰিছে অ' মা । তহঁতৰো চাগে মোলৈ মনত পৰি আছে ন' । কিন্তু, কি কৰিম ক' ! যাব খুজিও যাব নোৱাৰোঁ । ভালে আছ' নহয় ? ভন্টীৰ ভাল নে? তাই এতিয়া কিমান জনী হ'ল ! খোজ কাঢ়িব পৰা হল নে? কথা এটা দুটা ক'ব পৰা হৈছেনে? তাইৰ মুখৰ পৰা 'দাদা' বুলি শুনিবলৈ, তাইক এবাৰ কোলাত লবলৈ কিমান যে মন গৈ আছে মোৰ ! দেউতাৰ যোৱাটো শ্ৰাৰ্ধত ঘৰলৈ যাব নোৱাৰাৰ বাবে তই মোক বেয়া পায় নাথাকিবি মা । কিনো কৰিম ক' । সৈনিক জীৱন । যাওঁ বুলিয়েইটো যাব নোৱাৰোঁ । দেশৰ কাৰণে এইখিনি উচৰ্গা কৰিবই লাগিব । দেশমাতৃ , তহঁত সকলোৰে সুৰক্ষাৰ খাতিৰতেইটো নিজৰ জীৱনকো কুণ্ঠাবোধ নকৰি তহঁতৰ পৰা আঁতৰি আছোহি ,এই সুদূৰ দিগন্তত ,এই শিলাময়, বৰফৰ মাজত । তই নিশ্চয় বুজিছ' মা । মা..., মোৰ আজিও চকুৰ আগত ভাহি উঠে তোক এৰি অহা সেই নিথৰ , মৌন মুহূৰ্তটো; ভাহি উঠে চকুলোৰে উপচি পৰা তোৰ অসহায় চকুযুৰি । কেতিয়াবা বুকু উজাৰি কানিবলৈ মন যায় মা ; কিন্তু পিছমুহূৰ্ততে মনলৈ আহে দেশমাতৃৰ প্ৰতি থকা কৰ্তব্যৰ কথা আৰু লগে লগে মচি লওঁ বৈ যোৱা চকুলো । অ' , তোক এটা কথা কোৱাই হোৱা নাই । এইকেইদিন আমাক বিশেষভাৱে ট্ৰেইনিং দি থকা হৈছে । কবলৈ গলে যুদ্ধৰ বাবেই সাজু কৰি থকা হৈছে । দুদিনমান পিছতেই আমি 'কাৰ্গিল' যাব লাগিব । দেশমাতৃ এক গভীৰ আতংকত পৰিছে মা । তই চিন্তা নকৰিবি মা । মই তোক কথা দিছোঁ মা, দেশমাতৃক শত্ৰুৰ পৰা ৰক্ষা কৰি সোনকালেই মই ঘৰলৈ যাম । ঈশ্বৰে কৃপা কৰিলে এইবাৰ বহাগৰ ভাতকেইসাজ একেলগেই খামগৈ দে ! আজিলৈ ইমানেই মা .....।


ইতি ,
তোৰ 'মন'

(বি.দ্ৰ : কেইদিনমান আগতে কলেজৰ পৰা ১৫ দিনৰ 'Army Attachment Camp' এটা কৰিবৰ বাবে 'Meerut Cantt'লৈ যোৱাৰ সুযোগ পাইছিলোঁ । তাত গৈ প্ৰকৃততে গম পাইছিলোঁ এজন দক্ষ সৈনিক হোৱাটো আচলতে কিমান কঠিন । ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিমান কষ্ট সহ্য কৰিব লাগে , কিমান বলিদান দিব লাগে , কিমান কষ্টৰে মানি লব লাগে যে এতিয়া এইখনেই আমাৰ পৃথিৱী । সৈনিক জীৱনৰ এনে বলিদানৰ দ্বাৰাই অনুপ্ৰাণিত হৈ মই এই চিঠিখন লিখি উলিয়াইছোঁ ।)

~ মনোজ 

Comments