সমুদ্ৰৰ সিপাৰে
হঠাৎ সমুদ্ৰৰ মাজত এক বিশাল ঢৌ
লগতে সৃষ্টি হৈছে ধুমুহা-বৰষুণৰ তাণ্ডৱ,
তুলঙ ভুটুং কৰিছে মোৰ নৌকা
যেন পলকতে নিশ্চিহ্ন হৈ যাব
সমুদ্ৰৰ বিশাল জলৰাশিৰ মাজত ,
নিশ্চিহ্ন হৈ যাব মোৰ ঠিকনা !
এইয়া কি!
ধূসৰ হৈ পৰিছে মোৰ চকুযুৰি,
হেৰাই গৈছে মোৰ গভীৰ আৰ্তনাদ ,
মোৰ কৰ্ণপতহত নাই কোনো শব্দৰ ঝংকাৰ,
আৰু মই নিসংগ;
কোনো নাই , কাক মাতিম ,কালৈ হাত মেলিম;
পলকতে জাপ খাই গ'ল চকুদুটা !
চকু মেলি দেখোঁ , এটি সৰু পজা
য'ত মই বিচাৰি পাইছোঁ মোৰ শৈশৱ,
মাৰ বুকুভৰা মৰম,
দেউতাৰ কান্ধৰ গভীৰ ভাৰ ,
প্ৰকৃতিৰ স্বাৰ্থহীন আকুলতা ,
এইয়া মোৰ সোণালী অতীত
যাক মই বহু বসন্তৰ আগতেই হেৰুৱাইছিলোঁ !
আৰু এতিয়া ,
মুহূৰ্ততে ভুমুকি মাৰিছে মোৰ মানসপটত
তোলপাৰ কৰি ফুৰিছে,
এই বিশাল সমুদ্ৰৰ সিপাৰে !
সাগৰখন এতিয়া আগৰ দৰেই শান্ত,
নাই কোনো ধুমুহা বৰষুণৰ নিষ্ঠুৰ তাণ্ডৱ,
স্থিৰ গতিত আগবাঢ়িছে মোৰ নৌকা
এতিয়া নাই কোনো বিধ্বংসীৰ শংকা,
এতিয়া মাথোঁ আছে কেৱল সিপাৰৰ সন্ধান,
দুখ বেদনাবোৰ আহুতি দি
এটি সুন্দৰ জীৱনৰ অপেক্ষা ।।
~ মনোজ
Comments
Post a Comment