তৰংগ
অসীমৰ পৰা উৰি অহা
এজাক পক্ষীৰ কলৰৱে
কঢ়িয়াই আহিছে ,
কতজন 'বাতৰুৱা'ৰ গোপন কাহিনী,
কিছু আনন্দৰ , কিছু বৃথাৰ
কিছু পোৱাৰ যদি কিছু হেৰুৱাৰ
অলেখ ভাৱৰ সমাহাৰ !
লৈ আনিছে ;
এটি সুৰৰ আৱাহন,
এজাক বাউলি 'বা'ৰ অভিমান
আৰু, কেইটামান শব্দৰ 'তৰংগ'
" আঁকোৱালি লোৱা
সততাৰ বাট
জয় কৰি মনৰ আঘাত ।"
~ মনোজ
Comments
Post a Comment