এটোপাল অশ্ৰু
আজি নিজৰাৰ বাগিচা খনৰ একমাত্ৰ গোলাপ পাহি মৰহি গ'ল আৰু চিৰদিনৰ বাবেও আঁতৰি গ'ল তাইৰ হিয়াৰ এপাহি গোলাপ । আজি তাইৰ হৃদয় বাগিচাখন ৰঙীন কৰিবলৈ যেন কোনো নাই । যেন ...যেন পলকতে সকলো নিঃশেষ হৈ গ'ল । কেনেকৈনো বুজাব আজি তাই হৃদয়ৰ গোপন বেথা ! শোকবোৰে আগুৰি ধৰিছে তাইক । নিগৰি ওলাব পৰা নাই 'এটোপাল অশ্ৰু' । বহু কষ্ট হৈছে তাইৰ শোকৰ মেটমৰা ভেটাবোৰ ভাঙিবলৈ । বহু কষ্ট পাইছে আজি তাই । এক পাহৰিব নোৱাৰা স্মৃতিৰ মধুৰ অধ্যায় তাইৰ মনৰ বকিয়াইদি পলকতে ইপাৰ সিপাৰ হৈছিল । 'অনুভৱ'ৰ লগত কটোৱা সেই নিবিৰ মুহুৰ্তবোৰে আজি তাইক বাৰুকৈয়ে আমনি কৰিব লৈছে । দুখন হৃদয় এক হ'বলৈ নাপাওঁতেই এই স্বাৰ্থপৰ সমাজে সিহঁতক আঁতৰ কৰি পেলাইছিল আৰু আজি... আজি এই নিষ্ঠুৰ সময়ে অনুভৱক একেবাৰেই কাঢ়ি লৈ গ'ল তাইৰ হৃদয়কোণৰ পৰা । অনুভৱ আৰু নাই । কিন্তু , কেনেকৈ তাই পাহৰিব এই সকলোবোৰ । কেনেকৈনো তাই মানি ল'ব এই নিষ্ঠুৰ সত্যক ! কেনেকৈ ...! নিজৰাৰ হাতদুখন জোৰেৰে কঁপি উঠিল ; কলমটো হাতৰ পৰা সৰি পৰিল আৰু ডায়েৰীৰ এটা পৃষ্ঠাত লাগি থকা 'অনুভৱ'ৰ ফটোখন চকুলোৰে ভৰি পৰিল ...।।
~ মনোজ
Comments
Post a Comment