এখন ভগ্ন হৃদয়

      আপোনালোকৰ দৰে মোৰো এটা কাহিনী আছে । হয়, এটা সঁচা কাহিনী । মোৰ জীৱনৰ এটি গোপন অধ্যায় । কিছু যদি ৰঙ-মিশ্ৰিত , বাকী খিনি বিষাদৰ । এইয়া 'এখন ভগ্ন হৃদয়'ৰ কাহিনী ।
     কোনোবাই ঠিকেই কৈছিল । আকাশখন সদায় একেদৰে নাথাকে । কোনোবা এদিন ৰ'দৰ গান গাই পোহৰাই তোলা একেখন আকাশেই অন্য এদিন বৰষুণেৰে সিক্ত কৰে আমাৰ মন ।চিৰপ্ৰবাহিত সময়ে প্ৰতিটো ক্ষণতে সলনি কৰে আমাৰ জীৱনৰ ৰং ।

       সেইদিনাও চাগে আজিৰ নিচিনা বিহুয়েই আছিল । ৰঙালী বিহু , ৰঙৰ উৎসৱ । মই কেতিয়াও ভৱা নাছিলো যে , এই ৰঙালীতে এক অনন্য  ৰঙে, এক অনাকাংক্ষিত অনুভৱে ভুমুকি মাৰিবহি মোৰ হৃদয় মণিকোঠাত । এটি মধুৰ সোণালী স্বপ্নৰ বাবে যেন মই মুঠেই প্ৰস্তুত নাছিলোঁ ।
       'Facebook' টো অন কৰাৰ লগে লগেই এটা 'freind request' পাইছিলোঁ । নামটো বৰ ধুনীয়া আছিল তাৰ.. 'নিবিড় কাশ্যপ' । মই তাৰ profile টো খুলি চালোঁ । সি এজন ' eye specialist' । তেনেকৈ অলপ পৰ facebook ৰ post বোৰৰ মাজত মগ্ন হৈ থাকোতেই messege এটাৰ notification পালোঁ । হয়, সিয়েই messege কৰিছে । 
: Hi ... নিশা 
: Hello ... কওকচোন !

   এয়াই যি আৰম্ভণি আছিল ! লাহে লাহে আমাৰ মাজত কথা বতৰা বাঢ়ি আহিল । facebook messenger ৰ পৰা আহি কথাবোৰ Whatsapp ৰ যোগেদি আদান প্ৰদান হ'বলৈ ল'লে । দিনটোত কিমান যে মেছেজ । নানান ধৰণৰ কথাৰ জোৱাৰ । তাৰ কথা বতৰাই মোক আকৰ্ষণ কৰিব লৈছিল আৰু লগতে মোৰ মনটোকো । যদিও , তাৰ প্ৰতি তেতিয়ালৈকে মোৰ কোনো ধৰণৰ প্ৰেমৰ অনুভতি জাগি উঠা নাছিল । হয়তো , এইকাৰণেই চাগে যে সি আগৰ পৰাই এটা সম্পৰ্কত বান্ধ খাই আছিল নতুবা তাৰ প্ৰতি মোৰ কোনো অনুভূতিয়েই নাছিল । কিন্তু, তাৰ ব্যক্তিত্বই মোক বাৰুকৈ আকৰ্ষণ কৰি আহিছিল । 
       কথাৰ মাজতে তাক মই এদিন সুধিয়েই পেলাইছিলোঁ তাৰ প্ৰেমৰ সম্পৰ্কৰ কথা । আৰু সিও মোক কৈছিল তাৰ প্ৰেয়সী 'বৰষা'ৰ কথা । কিন্তু, বৰষাৰ বিষয়ে যদি মই বেলেগ কিবা সুধো, সি কোনোদিন একো কোৱা নাছিল । কেৱল হাঁহি এটা মাৰি কৈছিল,' লগ পালে সকলো খুলি কম তোমাক !' তেনেকৈ দিনবোৰ পাৰ হৈ গৈছিল । আমি বহুত ভাল বন্ধু হৈ পৰিছিলোঁ । ইতিমধ্যে, হিয়াৰ আমঠু বহাগীয়েও মেলানি মাগিছিল । 
        সেইদিনা আছিল দেওবাৰ । পুৱা ৮ মান বজাতেই তাৰ ফোন কলটো আহিছিল । মই তেতিয়া প্ৰায় টোপনিতেই । 
: he..llo , নিবিড় , কোৱা !
: নিশা ; আমাৰ freindship ৰ প্ৰায় এমাহেই হ'ব হ'লহি , এবাৰতো লগ কৰিব লাগিছিল । আজি লগ কৰিবা ?
: অ' ঠিক আছে দিয়া ! ক'ত লগ হ'ম বুলি ভাবিছাঁ পিছে !
: 'নেহেৰু পাৰ্ক'লৈকে আহিবা... দিনৰ ১০ বজাত । 
: অ' ঠিক আছে । যোৱাৰ আগত এবাৰ call কৰিম । bye...
    আমি ইমান ভাল বন্ধু হৈ গৈছিলোঁ যে লগ কৰিবলৈ যোৱাৰ আগটো ফোন কৰি সুধিছিলোঁ ,' তোমালৈ বুলি কি নিম !' আৰু সিও খুহুটিয়াকৈ কৈছিল ,'একো নালাগে ; পাৰিলে মৰম এসোপা মানকে লৈ আনিবা ।' কথাটো সি হাঁহি এটা মাৰি কৈছিল আৰু সেইবাবে মই ধেমালি বুলিয়েই ভাবি লৈছিলোঁ । 
       এটি নিজম দুপৰীয়া । পার্কৰ এখন বেঞ্চত নিবিড় আৰু মই একেলগে বহি আছো । এছাতি ৰিৱ ৰিৱ সমীৰে চঞ্চল কৰি তুলিছিল মোৰ মন । আনফালে নিবিড়ৰ সেই মনোমোহা হাঁহিটো । আমি দুয়ো কথা পতাত লাগিলোঁ ...
:এহ...ভাল হ'ল যোৱা ! তোমালৈ 'চকলেট' আনিম বুলি ভাবিছিলোঁ ; পাহৰিয়েই থাকিলোঁ ।
: আৰে, নিশা...; মই দেখোন কৈছিলোঁৱেই তোমাক ! এসোপা মৰমকেই লৈ আনিবা বুলি ! আনিছানে নাই এতিয়া ?
(তাৰ কথাত মই হাঁহিলো ...)
কিন্তু, পিছমুহূৰ্ততে চুমা এটাকে দিয়া বুলি সি তাৰ গাল খন মোৰ ফালে আগুৱাই দিলে । মই আচৰিত হ'লো । প্ৰথমতে মই মান্তি হোৱা নাছিলোঁ যদিও পিছত তাক মই মানা কৰিব নোৱাৰিলোঁ । আৰু, সেইটোৱেই মই বহুত ডাঙৰ ভুল কৰি পেলাইছিলোঁ । সেই সময়ত যদি মই মোৰ মনটোক দমাব পাৰিলোঁ হয় , আজি মোৰ এনেকুৱা পৰিস্থিতি নহয় । নাজানো কিয় ! এপলকৰ বাবে মই মোৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিলোঁ । বিলীন হৈ যাবলৈ মন গৈছিল তাৰ মৰমৰ মাজত । হঠাতে , ভাল লাগি গৈছিল তাক । তাৰ প্ৰতি জাগি উঠিছিল এক দুৰ্বাৰ হেঁপাহ । এক অনুভূতিৰ জোৱাৰ !
      তাক মই তাৰ প্ৰেয়সী 'বৰষা'ৰ কথা সুধিলোঁ । মই জানিব বিচাৰিছিলোঁ তাইৰ বিষয়ে । সি এখন হাতেৰে গাড়ী চলাইছিল আৰু আনখন হাতেৰে মোৰ হাতত ধৰি তাৰ প্ৰেয়সীৰ কথাবোৰ কৈ গৈছিল ।
: 'শুনা... নিশা , বৰষা আৰু মোৰ মাজৰ সম্পৰ্ক প্ৰায় ৫ বছৰ মানৰেই হ'ব । কিন্তু, আজি প্ৰায় ৩ মাহ মানেই হ'ল ; তাইৰ লগত কথা বতৰা হোৱাই নাই । অথচ, দুইখন ঘৰে জানে আমাৰ সম্পৰ্কৰ কথা । বুজিছা নিশা ! তাই বহুত সৰু ছোৱালী । এইবাৰ মেট্ৰিক দিছেহে ...,' এনেকৈ বহুত কিবা কিবি কৈ গ'ল সি । 
   এনেকৈ বহুতো কথা পাতি পাতি এটা সময়ত আমি ৰিজ'ৰ্ট খন পালোহি । 'আতিথ্য ৰিজ'ৰ্ট । আমি তাতে অলপ মুকলিকৈ ঘূৰিছিলোঁ আৰু কথা পাতিছিলো । হঠাৎ সি মোক পিছফালৰ পৰা সাৱটি ধৰিছিল আৰু মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল । 
: 'নিবিড় , কি কৰিছাঁ এইবোৰ ! তোমাৰ প্ৰেয়সীৰ লগত যি মতভেদ হৈ আছে সকলোবোৰ ঠিক কৰি লোৱা । যদি তাই তোমাৰ লগত আকৌ ভাল হয় তেন্তেটো ভালেই আৰু যদি নহয় , মই সদায় আছোঁ তোমাৰ লগত ।', মই তাক বুজাবলৈ চেষ্টা কৰিছিলোঁ । কিন্তু, সি মান্তি হোৱা নাছিল । সি কৈছিল,' তুমি মোৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰা , নহ'লে আজি মই ইয়াৰ পৰা নাযাওঁ ।' এনেকৈ কৈ সি তাতে বহি গৈছিল । মই মান্তি হোৱা নাছিলোঁ যদিও তাক বহুত কিবা কিবি কথা কৈ বুজাইছিলোঁ । তাক অশ্ৰাস দিবলৈ চেষ্টা কৰিছিলোঁ ।
     সেইদিনা ৰাতি মই কথাবোৰ ভালকৈ জুকীয়াই চালোঁ । তাৰ প্ৰতি মোৰ মৰম ভালপোৱা জাগি উঠিছিল । তাৰ মনটোক আৰু দুখ দিয়াৰ ইচ্ছা নাছিল মোৰ । সেইদিনাই ৰাতি মই তাৰ প্ৰেমৰ প্ৰস্তাৱটি গ্ৰহণ কৰিছিলোঁ । মোৰ হৃদয়ত সৃষ্টি হৈছিল আশাৰ এক অনন্য জোৱাৰ । পলকতে যেন ৰচি পেলাইছিলোঁ অযুত স্বপ্ন । 
     তাৰ দুদিন মান পিছলৈকে তাৰ লগত কথা হোৱা নাছিল । তাক মই call কৰিবলৈ কৈছিলোঁ ।পিছত সি মোলৈ ফোন কৰি যিবোৰ কথা ক'লে , যেন মোৰ মূৰত সৰগ হে ভাঙি পৰিছিল । মোৰ কান্দিম নে কি কৰোঁ ,এনে অৱস্থা হৈছিল । সি মোক কৈছিল ,' নিশা..., আমি দুয়ো freind হৈ থকাটোৱেই ভাল হ'ব । 'বৰষা'ৰ যে মেট্ৰিক পৰীক্ষা হৈ আছে ; আজি 'মা'হত গৈছিল তাইৰ খবৰ ল'বলৈ । আমাৰ মাজত যদিও একো কথা বতৰা নাই , তাই কিন্তু মোৰ মাক এতিয়াও 'মা' বুলিয়েই মাতে । তাই মোক এতিয়াও বহুত ভাল পাই জানা !' 
    তাৰ দুদিন মান পিছত মই দেখিলো ,সি মোক Whatsapp ত block কৰি দিছে । মই তাৰ কাৰণটো শুধাত সি কৈছিল ,' আজি তাই মাকৰ লগত আমাৰ ঘৰলৈ আহিছিল । তাই আহিয়েই মানে মোবাইলটো চাই , সেইবাবে block কৰিছিলোঁ ।' মই বহুত কান্দিছিলোঁ , কিন্তু একো কৰিব পৰা নাছিলোঁ । সি আকৌ কৈছিল ,' তাই আহিয়েই কান্দিব লৈছিল , কিয় মই তাইক call কৰা নাছিলোঁ বুলি । মই এইবোৰ হ'ব বুলি কেতিয়াও ভবা নাছিলো নিশা । চোৱাচোন , ইমান দিন কথা বতৰা নাছিল । আজি হঠাৎ আহি এইবোৰ । মই একো ভাবি পোৱা নাই কি কৰোঁ । তাইৰ মাক-দেউতাকেও মোক জোঁৱাই বুলিয়েই বহুত মৰম কৰে । বিশ্বাস কৰে । দুয়োটাৰ মাজত কিবা কাজিয়া হলেও মোকে বিশ্বাস কৰে । তাইক হে গালি দিয়ে ।' তাৰ কথাখিনিয়ে মোক বহুত আঘাত দিছিল । মইও 'বৰষা'ৰ কথা ভাবিলোঁ । তাইৰ গাতটো একো ভুল নাই । তাই সৰু ছোৱালী । কাজিয়া অভিমান কৰিবই । মই নিজে দুখ পালেও তাইৰ বেয়াটো কৰিব নোৱাৰো । ময়ো আছোঁ তাৰ লগত ভাল বন্ধু হৈ । সি জানে মই যে তাক ভালপাওঁ আৰু সি সন্মান কৰে মোৰ ভালপোৱাক । তাৰো মোৰ প্ৰতি এক অনুভূতি আছে । সিও মোক যথেষ্ট ভাল পাই , কিন্তু...কিন্তু নিজৰ হে কৰিব নোৱাৰে । আৰু মইও নিবিচাৰোঁ 'বৰষা'ক দুখ দিয়াটো । 
      অৱশেষত , সি মোৰ লগত ভাল বন্ধু হৈ থকাটোকে ঠিক বুলি ভাবিলে আৰু ক'লে,' নিশা, তোমাক লগ পোৱা মাত্ৰ দুদিন হৈছে । এই দুদিনীয়া সম্পৰ্কটোৰ বাবেটো ৫ বছৰীয়া এটা সম্পৰ্ক মই ভাঙিব নোৱাৰো ।'
    হয়, বন্ধু হিচাপেই আছোঁ , কিন্তু মইও টো তাক ভালপাওঁ । মোৰো হৃদয়খন দহিবলৈ লয় যেতিয়া তাৰ বৰষাৰ কথা মনলৈ আহে । বহুত দুখ পাওঁ । অৱশ্যে, এইবোৰ কথা তাৰ আগত ক'বলৈ আজি- কালি বাদেই দিছোঁ ; কিন্ত মনটোৱে যেন কেতিয়াও নামানে , বাৰে বাৰে উচুপি উঠে মোৰ হৃদয়খন ।
    সি নিজক ৰখাব লাগিছিল । সিহঁত দুইখন ঘৰৰ মাজত যদি ইমানেই ভাল আছিল , সি নিজকে ৰখাব লাগিছিল । সি মোক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ আগত বহুতবাৰ ভাবি চাব লাগিছিল । সি মোক ভালপালেও , কেতিয়াও নিজৰ কৰিব নোৱাৰে । তাইৰ সমান মৰম দিব নোৱাৰে ।
     মই তাৰ মৰম কম পোৱা নাই , এইটো সঁচা । কিন্তু, মইও যেন বিচাৰিছিলোঁ তাক life partner হিচাপে । সি সহজেই মোৰ জীৱনলৈ ৰং লৈ আনিছিল আৰু অতি সহজেই আঁতৰি গ'ল । বন্ধুত্ব ৰক্ষা কৰিম বুলি কলে , কিন্তু মই যে আজি পাৰা নাই । তাৰ লগত বন্ধু হিচাপেই থাকিলেও , ভাল যে পাওঁ তাক । বহুত কষ্ট হৈছে মোৰ । এনেকুৱা এটা দিন নাই , যিদিনা মই কন্দা নাই । আজি বহুদিন পাৰ হৈ গ'ল ; কিন্তু মোৰ সুখৰ পাপৰি বোৰ আজি হেৰাই গ'ল । কত নো বিচাৰি যাওঁ এই হেৰুৱা সুখ, আনন্দবোৰ । পাৰিমনে মই জোৰা লগাব ,মোৰ এই ভগ্ন হৃদয়খন ; পাৰিমনে ...।।


~ মনোজ

Comments