সুখ নো ক'ত !
কেতিয়াবা হৃদয়ৰ নিচেই চিনাকি জনো হৈ পৰে 'বাটৰুৱা' । বিষাদৰ তীব্ৰ তাড়নাত উচুপি উঠে হৃদয়ে । দুখবোৰ ভাঁহি ৰয় এটি সৰু বাঁহীত আৰু সুখৰ হেৰুৱা পাপৰি বোৰ বিচাৰি ফুৰোঁতেই কত বসন্ত পাৰ হৈ যায় গমকেই পোৱা নাযায় । সুখৰ সন্ধানত আৰম্ভ হয় ' এক অবিশ্ৰান্ত যাত্ৰা ' ; এটি একা-বেঁকা বাটেৰে । কেতিয়াবা যদি পোহৰত , কেতিয়াবা ঘোৰ অন্ধকাৰত । মাথোঁ অপেক্ষা এটি সীমনাৰ । কিন্তু, সুখৰ সংজ্ঞা বিচাৰি কৰা এই যাত্ৰাৰ পৰিণতি কি ! মাথোঁ এক 'অপ্ৰাপ্তি' ।
~ মনোজ
Comments
Post a Comment