প্ৰতিশ্ৰুতি কিয় ?

     আজি এটা কথাই তাইৰ মনত বাৰুকৈ আঘাত সানি গৈছিল । যেন দুটি মনৰ এনাজৰী ডাল পলকতে ছিঙি থান-বান হৈ গৈছিল । 'নিবিড়'লৈ মাত্ৰ এটি অনুৰোধ আছিল 'নিশা'ৰ । হয়তো শেষ বাৰৰ বাবে এটি অনুৰোধ । আৰু কথা দিওঁ সি আজি অনুৰোধ ৰক্ষা নকৰিলে । আজি যেন নিশাৰ মনটো একেবাৰে অকলশৰীয়া হৈ পৰিল । এপলকৰ সংগ বিচাৰি আজি তাই হৈ পৰিল 'নিসংগ' । নিসংগ...
       নিশাই কেতিয়াও ভবা নাছিল, কিমান যে গভীৰ হ'ব পাৰে সেই বিভেদৰ পৰিসীমা । কাহানিও ভবা নাছিল যে তাইৰ মনত নতুনকৈ ফুলি উঠা গোলাপ পাহি কলিতে মৰহি ৰ'ব । সেইদিনা নিবিড়ৰ আগৰ প্ৰেয়সী 'বৰষা' পুণৰ তাৰ জীৱনলৈ উভতি আহিছিল । দূৰ হৈছিল সিহঁতৰ মাজৰ মনোমালিন্য । আৰু লগে লগে সৃষ্টি হৈছিল নিশা আৰু নিবিড়ৰ মাজত এডাল বিচ্ছেদৰ দ্ৰাঘিমা । নিশাৰ হৃদয়ে উচুপি উঠিছিল ; তথাপিও তাই নিজৰ দুখবোৰক বশ কৰিছিল আৰু নিবিড়ৰ বন্ধুত্বৰ প্ৰস্তাৱ মানি লৈছিল । কিয় , এনে হয় ? কিয় বহু সময়ত হৃদয়ে গ্ৰহণ কৰি লোৱা সিদ্ধান্তৰ বাবে গোটেই জীৱনটোৱেই বিষাদৰ মাজেৰে পাৰ কৰিবলগীয়া হয় ! আৰু এটা সময়ত বেদনাৰ এই গধুৰ ভাৰে ছিন্ন বিছিন্ন কৰি পেলাই হৃদয়ৰ আকুলতা । 
      নিশাক আজিও বাৰুকৈ আমনি কৰে , নিবিড়ৰ সৈতে কটোৱা সেই এটা এটা মুহূৰ্তই । আৰু এতিয়া এটা মুহূৰ্ত কটোৱাতো নিশাৰ বাবে বৰ কষ্টকৰ হৈ পৰিছে । নিশাৰ সেই দিনটোৰ কথা আজিও মনত আছে । কিমান নিৰ্ভীক ,সৰল আৰু এটি গভীৰ আশাৰে নিবিৰে তাইক আলিংগন কৰিছিল । বৰষাক এৰি অহাৰ কথাবোৰ কৈছিল । তাৰ দুচকুত ভাঁহি ৰৈছিল নিশাৰ প্ৰতি সেই অকুণ্ঠ প্ৰেম । যেন মুহূৰ্ততেই বোৱাই নিব তাইৰ হৃদয়ৰ সীমনা । আৰু 'প্ৰতিশ্ৰুতি' দিছিল নিজৰ কৰি লোৱাৰ । আৰু সেইদিনাই নিশাৰ তালৈ বহুত মৰম লাগিছিল আৰু তাৰ প্ৰতি জাগি উঠিছিল এক দুৰ্বাৰ হেঁপাহ । তাক নিচেই কাষত পাব বিচাৰিছিল চিৰদিনৰ বাবে আৰু স্থান দিছিল হৃদয়ৰ নিভাঁজ কোণত । 
       নিশাৰ মাত্ৰ ভালপোৱাৰ এটি সঁহাৰিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰোৱা সেই নিবিৰেই আজি তাইৰ পৰা অতি সহজেই আঁতৰি যাব পাৰিলে । আজি নিমিষতে ম্লান হৈ গ'ল তাইৰ ভালপোৱা , তাই ৰচা অযুত স্বপ্ন । তাই নিবিড় আৰু বৰসাৰ প্ৰেমত কেতিয়াও বাধা হ'ব নোখোজে । মাত্ৰ , নিবিড়ৰ লগত মন্দিৰলৈ গৈ ভগৱানৰ চৰণত এটি সেৱা লোৱাৰ ইচ্ছা আছিল তাইৰ ; যাতে সিহঁতৰ মাজত কোনো অশান্তিৰ সৃষ্টি নহয় । কিন্তু, নিবিৰে মানি ন'ললে তাইৰ অনুৰোধ । একমাত্ৰ এই বাবেই যে সেই মন্দিৰত নিবিৰে 'বৰসা'ৰ হৈ বহুত কামনা কৰি থৈছিল ! কিন্তু, নিশাইটো কেৱল তাৰ সংগ হে বিচাৰিছিল ; ল'ব বিচৰা নাছিল তাৰ হৃদয়ত থকা বৰসাৰ স্থান । নিশাৰ লগত থাকিওটো সি বৰসাৰ হৈ সেৱা কৰিব পাৰিলে হয় । নিবিড়ৰ এনে অৱজ্ঞাই আজি বাৰুকৈ আঘাত সানিছে নিশাৰ কোমল মনটোক । কেনেকৈনো সহিব তাই , কাৰণ হৃদয়ৰ উকা মনটোত এবাৰ আঁকি যোৱা মৰম , ভালপোৱাৰ বোল বোৰ জানো তাই মচিব পাৰিব ! এই জীৱনত চাগে ই অসম্ভৱ । মোহাৰিব চেষ্টা কৰিলেও দাগ বোৰ থাকিয়েই যাব । থাকিয়েই যাব......।।


~ মনোজ 

Comments