অপ্ৰাপ্তি / এটি বাৰ্তালাপ
অসীম : জীৱন লগৰী নো কিয় লাগে তোমাক ! মই আছোৱেই দেখোন তোমাৰ সাৰথি ।
স্নিগ্ধা : কেতিয়ালৈ ? মোৰ জীৱনত দুখৰ বাদে একোৱেই স্থায়ী নহয় জানা !
অসীম : এটা কথা জানানে ! সাৰথি সেইজন যিয়ে তোমাৰ সুখ-দুখৰ সমভাগি হয় ।
স্নিগ্ধা : জানো । কিন্তু, আপোন যে কৰিব নোৱাৰো । আজি মই অভ্যস্ত হৈ গলো মোৰ জীৱনৰ 'অপ্ৰাপ্তি'ৰ লগত । হাবিয়াস নাই মোৰ নোপোৱাক পাবলৈ ।
অসীম : অপ্ৰাপ্তিৰ মাজেৰেই এদিন প্ৰাপ্তিৰ প্ৰকাশ ঘটে । পোৱা নোপোৱাৰ আন এটা নামেই দেখোন জীৱন । তোমাৰ নোপোৱাটো জীৱন নামৰ কিতাপখনৰে এটি পৃষ্ঠা । আৰু হাবিয়াস ! হাবিয়াস কাৰ নো নাথাকে ! অনবৰতে হৃদয়কোনত দুলি থাকে এই হাবিয়াস , মাথোঁ জাগি নুঠে কিয়নো, নোপোৱাৰ বিষাদবোৰে যেন ইয়াক বান্ধি ৰাখে ; সেইবাবে ই অপ্ৰকাশ্য ...।।
~ মনোজ / @bemyscript
Comments
Post a Comment