মন পখী
কালি তোমাক লগ পাই বহুত ভাল লাগিল জানা ! তোমাৰ লগত পাৰ কৰা প্ৰতিটো পল এতিয়া ভাঁহি ৰৈছে মোৰ মানসপটত । জানা ! আমি স্বাধীন হৈ পৰিছিলোঁ ; এই আওপুৰণি বান্ধোনটোৰ পৰা । তাৰ পিছত , আমি ক'ত গৈছিলোঁ জানা ! পাহাৰৰ দেশলৈ উৰা মাৰিছিলোঁ এজাক বিহগৰ সৈতে । চাৰিওফালে কেৱল ওখ ওখ পাহাৰ আৰু অহৰহ বৈ ৰোৱা নিজৰাৰ অপূৰ্ব নিনাদ । নিজৰাৰ কুলু-কুলু শব্দই আনি দিছিল , মোৰ সেই হেৰুৱা স্বৰৰ তান । প্ৰকৃতিৰ এই অনন্য সুধা প্ৰাণ কৰি আমি বিলীন হৈ পৰিছিলোঁ দুয়ো দুয়োৰে মাজত । সেই অপৰূপ সন্দৈৰ্য্য ভাষাৰে দাঙি ধৰাত আজি মই ব্যৰ্থ । বাৰু , কি ভাবিছাঁ ! আজি আহিবানে মোৰ সপোনত ! পাৰিলে আকৌ এবাৰ উৰা মাৰিম সেই নিকুঞ্জ বনলৈ , মনৰ হাবিয়াসকে দূৰ কৰিবলৈ ...।।
~ মনোজ
Comments
Post a Comment