কি শ্ৰেয় ?
আজি আচলতে মোৰ ক'বলৈ একো নাই ; অথবা নাই মনৰ হাবিয়াস কিবা শুনিবলৈ । তাৰ বাবে তুমি মোক আখ্যা দিব পাৰা যে মই পলাতক , আত্মকেন্দ্ৰিক নাইবা মই স্বাৰ্থপৰ । যি বুলি ক'ব বিচৰা ক'ব পাৰা । মোৰ কোনো বৃথা নাথাকিব তাকলৈ । কিবা এটা পোৱাৰ বাবে থকা দুৰ্বাৰ হেঁপাহ যেতিয়া এদিন মৰহি যায় ; তেতিয়া সলনি কৰিব লগীয়া হয় জীৱনৰ পথ । আৰু আজি চাগে মই তাৰেই সন্ধানত , এটি নতুন যাত্ৰাৰ ! অ', তুমি ভবাৰ দৰে 'পলায়ন' ; মোৰ সেই সপোন বোৰৰ পৰা , আজি অতীত হৈ ৰোৱা আশাবোৰৰ পৰা আৰু ...আৰু তোমাৰ পৰা ।।
~ মনোজ
Comments
Post a Comment