মুগ্ধ আকাশ

  মুগ্ধ আকাশ ! গম্ভীৰতাৰ বিৰাজমান ! নাই কোনো বৰসাৰ বতৰা । টুকুৰা টুকুৰ মেঘৰ মেলা , শুভ্ৰ বলাকাৰ আভা । সৰু ঘৰচিৰিকাটোৰ অস্থিৰতা , ইচ্ছা থাকিও আজি যাব নোৱাৰে মেঘৰ মেলালৈ ; ডেউকাখন সৰু হলেও কিন্তু ভৰপূৰ উদ্যম ! কাৰনো মন নাযায় উৰা মাৰিব সেই উল্লাসৰ মাজলৈ ! কিন্তু , কি কৰিব পাৰো , সৃষ্টিৰ চাগে এয়াই নিয়ম । আচলতে , কেতিয়াবা মনে বিচৰাটো দূৰৰ পৰা উপভোগ কৰিয়েই ভাল লাগে । এইয়াই মুগ্ধ আকাশ ; কেতিয়াবা যদি শান্ত , কেতিয়াবা একেবাৰে চঞ্চল ।।


~ মনোজ

Comments