অনুভৱৰ বৰষা

এটি নিৰৱধি স্বৰৰ আৱাহন
     আজি চিৰ প্ৰবাহমান !

আজি অস্থিৰ মন আকাশ
অহৰহ এই সুৰৰ আভাস !

মেঘৰ বিস্তীৰ্ণ মেলা 
এটি শুভ্ৰ বলাকাৰ আভা,
এধানি সজল ৰাগিৰ অপেক্ষা !

এটি মিঠা কাহিনীৰ হাবিয়াস
  'অনুভৱ'ক এবাৰ চুই চোৱাৰ হেঁপাহ

আজি সপোনবোৰে পোখা মেলিছে,
আশাবোৰেও প্ৰাণ পাই উঠিছে 
বিৰিঙিব লৈছে এটি হাঁহি !

সৌৱা চোৱা ; মেঘৰ মেলাত 
     একাচলি ৰ'দৰ লুকাভাকু
     সমীৰৰ অসীম উন্মাদ
     নাই কোনো ধুমুহাৰ দাবানল !

মোৰ ডেউকাখন সৰু যদিও,
আকাশ চুব নোৱাৰিলেও
প্ৰবল হেঁপাহ ; 
   তোমাক এবাৰ চুই চোৱাৰ !

মোৰ আধালেখা কাহিনীত
   নাই কোনো শব্দৰ প্ৰৱণতা,
মাথোঁ নিশব্দতা ...নিশব্দতা ...

সেয়া পৰিধি ভাঙি নামি আহিল 
মোৰ 'অনুভৱ'ৰ বৰষা,
পূৰণ কৰিবলৈ কাহিনীৰ ভৰসা ...।।


~ মনোজ / @bemyscript

Comments