জোনাক ৰাতি

   জোনাক ৰাতিৰ নিৰ্জনতা । তৰাবোৰৰ সৈতে জোনটোৰ এক গভীৰ বাৰ্তালাপ । জোনৰ কৃত্ৰিম পোহৰে পুলকিত কৰি তুলিছে ধৰাৰ সকলো সৃষ্টিৰাজিক । প্ৰস্ফুটিত বকুলৰ সুগন্ধই বিহ্বল কৰি তুলিছে ঘ্রানেন্দ্ৰীয় । চেষ্টা কৰিও আজি আনিব পৰা নাই দুচকুত নিদ্ৰাৰ ভাৰ । ওহোঁ, নাই পৰা ! ব্যৰ্থ মই । কিন্তু, এনে নহয় যে আজি মই বিষাদগ্ৰস্ত । নাই, তেনেকুৱা একো নাই । আচলতে , এই জোনাকীৰ নিৰ্জনতাই মুহিছে মোক । যদিওবা ই নহয় শৰতৰ সেই উদাৰ, স্নিগ্ধ জোনাক । তথাপি, জাগি উঠিছে কিবা এক অদ্ভুত শিহৰণ । এক অনাকাংক্ষিত আকৰ্ষণ । সেয়ে, আজি যেন বিষাদবোৰে কোনোপধ্যেই হ'ব পৰা নাই মোৰ লগৰী; হ'ব পৰা নাই মোৰ আৰু জোনাকীৰ মাজৰ হেঙাৰ । মইও হ'ব বিচাৰো এই গভীৰ বাৰ্তালাপৰ অংশীদাৰ । মইও উপভোগ কৰিব খোজোঁ সৃষ্টিৰ এই অপূৰ্ব ৰহস্যবোৰ । কিন্তু, হঠাৎ এইয়া কি ! নিৰ্জনতা ভংগ কৰি মোৰ কৰ্ণপতহত টোকৰ মাৰিছেহি সেই ৰিণি-ৰিণি সুৰে । হয়, এয়া এটি 'বাঁহী'ৰ অনুৰণন । ক'ৰ পৰা বাৰু ভাঁহি আহিছে এই মনমুগ্ধ সুৰৰ ৰাগি ! কাৰ ওঁঠৰ কোমল স্পৰ্শত প্ৰস্ফুটিত এই প্ৰাণচঞ্চলা ধ্বনি । মোৰ অধিৰতাৰ ভেটা ভঙা , মোক ব্যাকুল কৰি তোলা এই সুৰৰ উৎসই বা ক'ত । কি উদ্দেশ্যত নতুবা কাৰ সন্ধানত এই মায়াবী সুৰৰ বিচৰণ ! ক'লৈ বা স্থিৰ কৰিছে যাত্ৰা ! এনে হেজাৰ প্ৰশ্নই অস্থিৰ কৰি তুলিছে মোক । জাগি উঠিছে মোৰ হেঁপাহৰ প্ৰৱণতা । লাহে লাহে কমি আহিব লৈছে এই স্বৰৰ নিনাদ । হয়তো, ধাৱমান হৈছে নিজ গন্তব্যৰ দিশে । মইও আগবাঢ়িলোঁ সুৰৰ আঁচল ধৰি । কি এয়া ! এটি জুপুৰিৰ সৈতে এই উন্মনা সুৰৰ গভীৰ আলিংগন । নিশা গভীৰ হৈ আহিছিল । মইও উভতিলোঁ মোৰ পঁজালৈ । মোৰ মনত যেন এটি সত্যতাৰ উন্মেষ ঘটিছিল । হয়, এটি সত্যতাৰ....। মই দেখিছিলোঁ, সেই জুপুৰি ঘৰটোত এতিয়াও ঢিমিক-ঢামাক কৰি জ্বলি ৰৈছিল এটি চাকি । অ', সেইয়া আছিল এগৰাকী দুৰ্ভগীয়া মাতৃৰ আশাৰ চাকি । সীমান্তত বিলীন হৈ যোৱা নিজ পুত্ৰৰ বাবে কৰা অপেক্ষাৰ সাক্ষী ......।।


~ মনোজ 
# bemyscript


Comments