প্ৰেৰণা/ এটি আশা
তুমি কোন ?
জানা !
তুমি......
মোৰ সপোনৰ তুলিকা
বোলাই যোৱা সুৰৰ ভূমিকা,
জীৱনৰ ৰং
সানি যোৱা মৰম এধানি,
আকাশৰ চিৰপ্ৰবাহমান বৰষা
বোৱাই নিয়া চকুলো দুধাৰি,
অধৰৰ বিষাদ
মৌনতাৰ এক অবুজ নিনাদ,
মোহনাৰ গভীৰ আশ্বাস
অটুট ৰাখিছা সৃষ্টিৰ বিশ্বাস,
ভাৱনাৰ জোৱাৰ
হৃদয় কম্পমান,
তুমিয়েই মোৰ 'লিখনি'
সফলতাৰ উন্মাদ;
আৰু , কি জানা !
তুমিয়েই মোৰ 'প্ৰেৰণা'
আছেনে তোমাৰ মিলনৰ হাবিয়াস
আছেনে !
~ মনোজ
Comments
Post a Comment