মন
কথাটো হয়টো । একেবাৰে মানিবলগীয়া । এইটো মোৰ 'মন'হে । আছে যেতিয়া ভালবেয়াটো হৈয়ে থাকিব । আচলতে ই 'তৰঙ্গ'ৰ নিচিনা বুজিছা ! ওখ, চাপৰ বা কেতিয়াবা একেবাৰে সমান ! ধৰিবই নোৱাৰি , কেতিয়া কি ৰূপ লয় । কেতিয়াবা মনৰ কোঠালিত ভৰি থাকে অযুত ভাবৰ টোপোলা , কেতিয়াবা আকৌ মাথোঁ শূন্যতা । অকলশৰীয়া হৈ ৰয় । কিনো কৰিব পাৰো । এই মনৰ ভাল-বেয়া আৰু পলে পলে হোৱা ৰূপান্তৰ বোৰ জীৱনৰ লগে লগে চলিয়েই থাকে দিয়া । ঠিকেই , এইটো মোৰ 'মন'হে ...।
~ মনোজ
Comments
Post a Comment