হেৰুৱা কবিতাৰ কলতান

~ নিৰৱতাৰ তুমি, ভটিয়নী নৈ
অশ্ৰুৰ এটি, অভিমানী ঢৌ ;
বৈ আহা মোৰ , হৃদয়ৰ বকিয়াইদি
মনৰ উন্মাদনাক নেওচি ...। ~৯/৪/২০

~ কিছুমান স্মৃতি ইমান কষ্টকৰ,
হৃদয়ৰ সীমনাইদি কঢ়িয়াই আনিব পাৰে
এটোপাল 'অশ্ৰু'ৰ বতৰা ..। ~৯/৪/২০

~ দৰকাৰ মাথোঁ কেইটামান শব্দৰ
এটি কাহিনীৰ বাবে ,
কল্পনাৰ ভাৰ বোৱা মাথোঁ কেইটামান শব্দ;
সৃষ্টিৰ অপূৰ্ব লয়লাস , মোৰ অক্ষিপটত
এতিয়া অনাকাংক্ষিত বিচৰণ ...। ~৯/৪/২০

Comments