বাৰ্তালাপ/corona
' নগেন , আজি ৰাতি ৯ বজাত কি কৰিব লাগিব গ'ম পাইছই নহয় !', সন্ধিয়া পৰত পদূলি মূৰতে ইফাল সিফাল কৰি থকা নগেনক তাৰ সৰুকালৰ বন্ধু খগেনে চিঞৰি সুধিলে ।
নগেন : অ' খগেন ; কৰিবলৈনো কি আছে ! দেশৰ বৰমুৰীয়াৰ নিৰ্দেশ মতে পদূলিত এগছি বন্তি জ্বলাই দেশৰ এই ভয়াবহ পৰিস্থিতি যাতে নোহোৱা হয়, এই মহামাৰীৰ পৰা যেন দেশখন সোনকালে উদ্ধাৰ হয় তাৰেই কামনা কৰিম । বাকী আৰু কি ! নিজে পৰিষ্কাৰ পৰিচন্ন হৈ থাকিলেই হল ।
খগেন : হেই , তুমি মূৰ্খ নেকি হে ! শুনা , আমি কি কৰিম । Candle, চাকি এইবোৰ জ্বলোৱাৰ উপৰিও আঁতজবাজি আদিও ফুটাম । এনে কৰিলে পৰিবেশৰ উষ্ণতা বাঢ়িব আৰু এই corona ও ধংশ হ'ব । তাৰউপৰিও , এটা জোৰ সমদল উলিয়াম আৰু একেলগে গাই যাম 'go corona go ' ।
খগেনৰ মন্তব্যত নগেন আচৰিত হ'ল ।
~নমস্কাৰ ৰাইজ , মূৰ্খ নহ'ব । Whatsapp আদিৰ জৰিয়তে প্ৰচাৰ হোৱা ভুৱা বাতৰিৰ দ্বাৰা আপোনালোকে হকে বিহকে যিকোনো কাম নকৰিব । প্ৰতি মুহূৰ্ততে চৰকাৰী নিষেধাজ্ঞা সমূহ মানি চলিবলৈ চেষ্টা কৰক । Corona এটা উৎসৱ নহয় । ই এটা মহামাৰী হে আৰু ইয়াক প্ৰতিৰোধ কৰিব পৰা যাব যদিহে আমি সঠিক নিয়মেৰে আগবাঢ়ো । coronar সৈতে যুঁজি থকা হেজাৰ জনৰ জীৱনৰ কথা ভাবি তথা সমূহ দেশবাসীৰ মঙ্গলৰ কাৰণে আমি ঐক্যবদ্ধ হৈ সুস্থ বিবেকেৰে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিওঁ আহক, ধন্যবাদ ।
~ মনোজ
Comments
Post a Comment