Specially , তোমাৰ হাঁহিটো
আজি যেন লিখিবলৈ শব্দবোৰ হেৰাই গৈছে । আজি মোৰ হৃদয়ত শব্দৰ ৰাগিতকৈ অনুভূতিবোৰে হে বেছিকৈ তোলপাৰ লগাইছে । তাতে আজি বহু দিনৰ মূৰত দেখা তোমাৰ মনোমোহা হাঁহিটিয়ে যেন মোক আকৌ প্ৰাণচাঞ্চলা কৰি তুলিছে । জাগি উঠিছে মোৰ প্ৰেমিক মন । কিন্তু, কলমেৰে নিগৰি উলিয়াব পৰা নাই মোৰ অনুভৱবোৰ । কাৰণ , আজি মোৰ অনুভূতিবোৰো একমাত্ৰ তোমাৰ হাঁহিটোতেই আবদ্ধ হৈ পৰিল । আজি আকাশত নাই কোনো ধুমুহাৰ তাণ্ডৱ । আৰু লগতে আজি একেবাৰে শান্ত তোমাৰ অভিমানবোৰ । আগৰ দৰেই আজি সকলো ঠিক হৈ গৈছে । মোৰ হৃদয়ত কিছু বৃথা আছে , যদিও তুমি আজি সুখী । তুমি বিচৰা ধৰণেই সকলোবোৰ হৈ আছে । মইও মানি লৈছোঁ সত্যক । যাতে সকলোৰে ভাল হওক । যাতে কাৰো জীৱনত অশান্তিৰ সৃষ্টি নহয় । জীৱনটো বেলেগ ধৰণেৰে চাবলৈ যত্ন কৰিছোঁ । সুখৰ সংজ্ঞা বিচাৰি এনেই হাবাথুৰি খাই ফুৰিছিলো । সুখবোৰ দেখোন আমাৰ হৃদয়তেই লুকাই থাকে । মাথোঁ এবাৰ বিচাৰিহে চাব লাগে । আজি বহু দিনৰ মূৰত বৰষুণ এজাকো নামি আহিল ধৰাৰ বুকুলৈ । প্ৰকৃতিখনে প্ৰাণ পাই উঠিছে । বাৰু যিকি নহওঁক , আজি Instagram ত তোমাৰ photo খন দেখি বহু ভাল লাগিল 'নীহাৰিকা' ! মুগাৰ সাজত গোটেইজনী একদম নাচনী । একেবাৰে ৰূপহী ! লগতে জীপাল হৈ পৰিল বহু স্মৃতি । এইবাৰ বিহু সেমেকা যদিও মনটোকটো বান্ধি ৰাখিব নোৱাৰি । ৰঙালী সদায় জীয়াই থাকিব 'অসমীয়া'ৰ হৃদয়ত আৰু তুমি মোৰ হৃদয়ত ...। পিছে বেয়া নাপাবা দেই 'নীহা' ! কেতিয়াবা , মই মোৰ অনুভূতি বোৰ control কৰি ৰাখিব নোৱাৰি কৈয়ে পেলাওঁ !
এনেকৈ 'সমীৰে' messege টো type কৰি 'নিহাৰিকা'লৈ send কৰিলে আৰু এটা অন্ধকাৰ কোঠাত কিছুসময় নিজকে আবদ্ধ কৰি ৰাখিলে ... ।।
~ মনোজ
Comments
Post a Comment