The table ~এক অনুভৱ
.....উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল-আলসুৱা তোমাৰ মূখৰ
শইছ সোনালী হাঁহি ।
অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূৰ্য্য আহিছে নামি !
ফেব্ৰুৱাৰী মাহৰ এটা সুন্দৰ দেওবাৰৰ ৰাতিপুৱা । গুৱাহাটীৰ খানাপাৰাস্থিত পশু-চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ এটা ছাত্ৰাবাসৰ পৰিৱেশ । ছাত্ৰাবাসৰ বাকৰিৰ সেউজীয়া ঘাঁহনিডৰাৰ ওপৰত পুৱাৰ কোমল ৰ'দ কাচলিয়ে যেন দলিচাহে পাৰিছে । হাছনাহানা, তগৰ, গোলাপ,নাৰ্জী আদি সুগন্ধি ফুলেৰে ভৰি থকা ছাত্ৰাবাসৰ দুখনকৈ বাগিচাত এতিয়া নানাৰঙী পখিলাৰ উন্মুক্ত বিচৰণ । বিবিধ চৰাইৰ কলৰৱে মুখৰিত কৰি তুলিছিল হোষ্টেলৰ চৌহদ ।
কোনোৱে মৰ্ণিং ওৱাক কৰি আহি নিজৰ কোঠাত সোমাইছে, আন কোনোবাই কাৰোবাৰ ৰাতিপুৱাৰ স্বপ্নভংগ কৰাকৈ loud speaker ত বজাইছে উচ্চ স্বৰৰ গান আৰু বহুতে এতিয়াও মগ্ন হৈ আছে নিজৰ সপোন নগৰীত । 'অসীম'ৰো আজি শুই উঠা প্ৰায় পলমেই হ'ল । মুখ-হাত ধুই, ব্ৰেকফাষ্ট কৰি আহি সি তাৰ পঢ়া টেবুলত থকা 'হীৰুদা'ৰ কবিতা পুথিখন তুলি ল'লে । দেওবাৰ পুৱাটো সি এনেকৈয়ে পাৰ কৰে । কেতিয়াবা হীৰুদাৰ কবিতাৰ মাজত নাইবা কেতিয়াবা আধা পঢ়াকৈ থৈ দিয়া 'প্ৰান্তিক'ৰ গল্পবোৰৰ আঁৰত । অবশ্যে দিনটোৰ বেছিভাগ সময় Whatsapp, facebook বা Instagram এইবোৰক লৈয়ে পাৰ কৰে ।
Comments
Post a Comment