মলয়া এছাতি
মলয়া এছাতি অহৰহ বলি আছে ! পশ্চিম আকাশত ৰঙা আভাৰে সুৰুজে মেলানি মাগিছে ! আকাশত এতিয়াও শুভ্ৰ মেঘৰ বিস্তৃত মেলা । বগলীৰ এটা জাক ইতিমধ্যে উৰা মাৰিছে দিগন্তলৈ । পদূলিৰ হাছনাহানাৰ সুবাসে ব্যাকুল কৰি তুলিছে মোৰ মনাকাশ ! মগনীয়াটোও ইতিমধ্যে সিটিবাটে ঘৰমুৱা হৈছে । এজাক সুৱদি পখীৰ কাকলিয়ে মুখৰিত কৰি তুলিছে এই সন্ধিয়াটো । মলয়াছাতি এতিয়াও বলি আছে । মোক কানে কানে কিবা কৈ যাব খোজে । জীপাল কৰিব খোজে কিছুমান হেৰুৱা স্মৃতি ...।
~ মনোজ
Comments
Post a Comment