হেঁপাহৰ গান
কাহিনী আজি জীৱনৰ
লিখনি এয়া সপোনৰ
নীলিমা আকাশৰ,
বৰষা এই আবেগৰ
হেঁপাহৰে সুৰ
আজিযে গুণ-গুণ
নিয়ৰৰে ফুল
জোনাকৰে বোল !
পোহৰৰে বাট
আশাৰে উন্মাদ
আকাশ চুবলৈ
আছে হাবিয়াস
জীৱন জীৱন
অশান্ত মন
হেঁপাহৰে নৈ
যোৱা সদায় বৈ !
আজি প্ৰগতিৰ সুৰে সুৰে বৈ যাওঁ ,
আমি কৈ যাওঁ ...
জীৱন কেনভাচ
হেঁপাহ কেনভাচ ...।
@ মনোজ
Comments
Post a Comment