শেষ প্ৰহৰ

    ধূসৰ আকাশ ; অহৰহ এজাক ধুমুহাৰ আভাস । চাৰিওফালে কেৱল ক'লা ধোঁৱাৰ চানেকি । ৰাতিপুৱা , গধূলিৰ নাই কোনো পৰিচয় । এয়া শেষ প্ৰহৰৰ কাহিনী । মানুহ জাতিৰ পাৰ নোপোৱা লালসাৰ উত্তাপে সৃষ্টি কৰা এখন নতুন পৃথিৱীৰ কাহিনী । য'ত এতিয়া সপোনবোৰ অতীত । আশাৰ বাবে নাই কোনো স্থল । চাৰিওফালে কেৱল হাহাকাৰ , হুৱাদুৱা । অনবৰতে নিজৰ জীৱনক লৈ শংকা । য'ত এতিয়া প্ৰতিজনে প্ৰতিপলে মৃত্যুৰ ক্ষণ গণে । সেইখন পৃথিৱীৰ কাহিনী । 
       সৌৱা, এফালে যদি গগনচুম্বী অত্যালিকাৰ শাৰী , আনফালে আকৌ শোষিত নিপীড়িতৰ ভঙা পজা । এফালে যদি বিশাল কল-কাৰখানা , বৃহৎ উদ্যোগৰ গুমগুমণি , আনফালে আকৌ ভোকাতুৰৰ বিননি । আৰু সেই যে মুখ-হাত কাপোৰেৰে ঢাকি ৰখা মানুহবোৰ দেখিছে ; সেয়া আচলতে মানুহৰ এক নতুন ৰূপ । কিয়নো , এই পৃথিৱীত এতিয়া মুকলিকৈ উশাহ লোৱাটো বৰ বিপদজনক । আৰু, সেই যে oxygen chylinder লৈ বিলাসী গাড়ীত ঘূৰি ফুৰা মানুহবোৰ , সেয়া ৰজাঘৰীয়া । 
      সেই highway টোৰ কাষত থকা সৰু ঘৰটোত এতিয়া সদস্য বুলিবলৈ কেৱল 'সমীৰ' আৰু তাৰ দেউতাক । সমীৰৰ মাকৰ এটি শ্বাসজনীত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । তেতিয়া সমীৰৰ বয়স আছিল মাত্ৰ সাত বছৰ । এতিয়া সি লাহে লাহে ডাঙৰ হৈছে আৰু তাৰ মনত এতিয়া বহুত প্ৰশ্ন ; এই পৃথিৱী খনকলৈ , তাৰ মাকৰ মৃত্যুক লৈ । মাকৰ মৃত্যুক সি কেতিয়াও সাধাৰণ ভাবে ল'ব নোৱাৰে । সি দেউতাকক বহুতবাৰ এই প্ৰশ্ন কেইটা সুধিছে , কিন্তু দেউতাকে কেতিয়াও তাৰ সঠিক উত্তৰ তাক দিয়া নাই , কেৱল কিছু সান্তনাৰ বাহিৰে । কিন্তু, সমীৰে হাৰ নামানে ; সি দেউতাকক বাৰে বাৰে প্ৰশ্ন কৰিব । সি জানিব বিচাৰে , আমাৰ পৃথিৱীখন কেনেকুৱা আছিল আৰু আজি এই পৰিস্থিতিৰ বাবে দায়ী কোন ! 
      আজি ঘৰৰ বাৰাণ্ডাতে মন মাৰি বহি থকা দেউতাকক সমীৰে তাৰ মনত বহুদিন ধৰি তোলপাৰ লগাই থকা প্ৰশ্ন বোৰ আকৌ সুধিব ল'লে । দেউতাকে তাক কাষতে বহুৱাই লৈ ক'বলৈ ধৰিলে ,' তোৰ মা , প্ৰায় দুবছৰ ধৰি এটা জটিল শ্বাসজনীত ৰোগত ভুগি আছিল । অৱশেষত ডক্টৰে বহুত চেষ্টা কৰিও তোৰ মাৰাক বচাব নোৱাৰিলে । এই মহামাৰী গোটেই বিশ্বতে এতিয়া বিয়পিব লৈছে আৰু এতিয়ালৈকে তাৰ কোনো প্ৰতিকাৰ উলিয়াবলৈ সক্ষম হোৱা নাই । আমি এই পৃথিৱীখনক লৈ বহুত অন্যায় কৰিলোঁ । এইয়া তাৰেই প্ৰতিদান । প্ৰত্যেকেই এদিন সেই কৰ্মৰ ফল ভুগিব লাগিব । 'কি কৰ্মৰ ফল, দেউতা', সমীৰে সুধিলে । আজি সেই কথা তোৰ কাহিনী যেন লাগিলেও সি কিন্তু এক নিষ্ঠুৰ সত্য । সেই যে ওখ ওখ অত্যালিকাবোৰ দেখিছ' , তাতে আজিৰ পৰা প্ৰায় ৩০ বছৰ মান আগতে এখন বিশাল অৰণ্য আছিল । সেই অৰণ্যৰ ওপৰত ভিত্তি কৰিয়েই আমি জীয়াই আছিলোঁ । অৰণ্যই আমাক সকলো দিছিল । মুকলিকৈ উশাহ ল'ব পৰিছিলোঁ । এই যে highway তো দেখিছ' , ইয়াতে আছিল বিভিন্ন প্ৰজাতিৰ গছৰ শাৰী । আৰু এই পৃথিৱীখন সেউজীয়া আছিল । কিন্তু, আজি সেইবোৰ নাই । কেইটামান টকাৰ লালসাত, ভোগ বিলাসীতাৰ বাসনাত মানুহে যোৱাটো শতিকাৰে পৰা যি হাৰত হাবি জংঘল কাটি, প্ৰকৃতিৰ ধংশকার্য চলাবলৈ ল'লে , তাৰ ফলতেই প্ৰকৃতিৰ ভাৰসাম্য সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰিল । তাৰেই পৰিনাম এইয়া । এতিয়া থাকিবলৈ ডাঙৰ ডাঙৰ অত্যালিকা আছে , ঘূৰিবলৈ বিলাসী গাড়ী আছে ; কিন্তু খাবলৈ আহাৰ নাই । মানুহৰ টকা আছে , কিন্তু উশাহ লবলৈ এটা সুস্থ পৰিবেশ নাই । আমি বিবেচনাহীন ভাৱে প্ৰকৃতিৰ পৰা সকলো কাঢ়ি ল'লোঁ আৰু আজি তাৰেই ফল ভুগি আছোঁ । আজি তোৰ নিচিনা বহুতেই নিজৰ মাকক হেৰুৱাইছে , বহুতেই নিজৰ আত্মীয়ক অকালতে মৃত্যুক সাৱটি লোৱা দেখিছে । সেইবোৰৰ বাবে আচলতে দায়ী কোন ! আমি নিজেই । 'ৰাতি বহুত হ'ল , তই এতিয়া শুগৈ যা', দেউতাকে সমীৰক ক'লে । 
       দেউতাকৰ মনটো গধুৰ হৈ পৰিল আৰু ভাবিব ল'লে,' সেইদিনা যদি আমি অৰণ্য ধংস কাৰ্য বাধা দিলোঁ হয় ; প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত থিয় দিলোঁ হয় ; হয়তো আজি এই পৰিস্থিতি ন'হল হয় । আমি সমীৰহতৰ লগতে আগন্তুক প্ৰজন্মৰ বাবে একোকেই সংৰক্ষণ কৰি যাব নোৱাৰিলোঁ । সকলো শেষ হৈ গ'ল ।'
       ইতিমধ্যে , এজাক প্ৰচণ্ড ধূলিৰ ধুমুহাই গোটেই চহৰখনক আগুৰি ধৰিলে ...
             

~ মনোজ

Comments