প্ৰহেলিকা

নিয়মৰ কিছুমান জটিল চুক্তি
এক গভীৰ পাকচক্ৰ !
এফালে যদি অস্তিত্বৰ সংকট 
আনফালে আকৌ লালসাৰ উত্তাপ ,
হিংসা-বিদ্বেষ , অসুয়া-অপ্ৰীতি
ক'ত পাম পাৰাপাৰ
ক'ত পাম মুক্তি 
ক'ত !

সৌৱা দেখিছানে পাহাৰখন ?
আৰু আকাশখন ,
উদাৰ , পৰিষ্কাৰ !
মেঘৰ উষ্ম আলিংগন ,
বৰসাৰ হেঁপাহৰ জোৱাৰ 
আজি কিহৰ বাবে এয়া ?

এফালে যদি মৃত্যুদূত ,
আনফালে আকৌ কিছু শান্তিৰ শ্ৰুত 
এটি প্ৰহেলিকা , 
যাৰ উত্তৰ হয়তো আজি সকলোৰে হাতত 
সময় মাথোঁ বিবেচনাৰ !

~ মনোজ

Comments