সপোন নগৰী
তোমাক আগুৰি ৰখা সেই পাহাৰবোৰত ঠেকা খাই অহা পুৱাৰ সুৰুজৰ ৰাঙলী আভাই তোমাৰ সৈন্দৰ্যৰ পোহাৰ মেলাত এতিয়া বাৰুকৈ ব্যস্ত । প্ৰতিদিনাই তুমি আমালৈ কঢ়িয়াই অনা নতুন আশাৰ বতৰা । যাক লৈ আমি সপোন দেখো ! যাৰ ছায়াতেই আমি ভৱিষ্যতৰ পৰিকল্পনা ৰছো ! যাৰ কোলাতেই পাৰ হয় আমাৰ উন্মনা যৌৱন । যিয়ে আমাক জীৱন পথৰ সন্ধান দিয়ে ! সেয়াই আমাৰ 'পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় , অসম কৃষি বিশ্ববিদ্যালয় , খানাপাৰা চৌহদ ।' তুমিয়েই এদিন এই মুকলি আকাশৰ ফালে দুহাত মেলি সামৰি লৈছিলা অলেখ সফলতাৰ কাহিনী আৰু কিছু বিফলতাৰ বিষাদ । তুমি অক্লান্ত , তুমি অসীম ! আমাৰ প্ৰত্যেকৰ মনৰ নিজানকোনত বৈ ৰোৱা তুমি এখন নিৰৱধি বোৱতী নৈ । তুমি মাথোঁ এখন মহাবিদ্যালয়েই নহয় , তুমি আমাৰ আবেগ । খানাপাৰাৰ বিশাল প্ৰাকৃতিক সৈন্দৰ্যৰাজিৰ মাজত প্ৰাণ পাই উঠা এখন সপোন-নগৰী ।।
~ মনোজ
Comments
Post a Comment