বন্দীত্ব

পুৱতি নিশা ,
     এটি স্বপ্নৰ আতংক,
জাগ্ৰত মনৰ সংশয় ;
মৰিশালি আশাবোৰৰ
পাশাখেল বন্দীত্বৰ ,
এয়া ৰাজনীতি কিহৰ !
আপোনজনৰ অভিমান 
নে বিলাসীতাৰ লালসা ?

আজি ৰুদ্ধ উশাহ ,
      স্তব্ধ হেঁপাহ
নিষ্পাদ ভাষা ,
      নিহত মোৰ আশা 
বন্দীৰ শিকলি ,
      হতাশাৰ ফেহুজালি !

বতৰটো বৰকৈ গোমা ,
   সেমেকা মনাকাশ
কুলিজনীৰ আকৌ বিষাদ ,
   কপৌ পাহিৰ বিবাদ !

মেঘৰ সংঘাত ,
বিজুলীৰ শংকা 
হয় , এয়া বৃষ্টিৰেই সংবাদ 
ঘূৰি আহিবনে , নতুন দিগন্তৰ বাট ?


~ মনোজ

Comments