প্ৰাৰ্থনা~A prayer
বিচাৰি ফুৰিছোঁ,
কিছু শান্তিৰ স্নিগ্ধতা
এপলক আনন্দৰ জিলিকণি
হেৰুৱা স্মৃতিৰ নিজৰা
আৰু,
সেই কৰুণামণ্ডিত নয়নজুৰি
মোৰ স্বপ্নৰ আকুলতা
কিছু জীৱন্ত , কিছু অনন্ত
কেনেকৈনো বুজাম,
এয়া যে অনিৰ্বচনীয় !
এয়া মোৰ নীৰৱ ধ্যান
ঠিকনাৰ সন্ধান
স্বতঃস্ফূৰ্ত , চিন্তাহীন আৰু শব্দহীন !
হঠাৎ , কি এয়া
ক'ত মই ?
এক নতুনত্ব
মোৰ স্বপ্নৰ সত্যতা
এটি বাঙ্ময় নীৰৱতা,
নাই কোনো মনৰ অস্থিৰতা
চৌদিশে কেৱল এটি উদ্ভাসিত চেতনা
ঘূৰাই পোৱাৰ অপ্ৰাণ বাসনা
আৰু , মিলনৰ অবুজ হাবিয়াস
হয় , এয়া এটি প্রার্থনা ,
প্ৰাৰ্থনা !
~ মনোজ
Comments
Post a Comment