দুটা দ্বন্দ্ব
জীৱন নামৰ প্ৰহেলিকাটোৰ অৰ্থ বুজি উঠিবলৈ এতিয়াও বহু দেৰি । সময়ে লাহে লাহে সকলো শিকাই যায় । ভুল-শুদ্ধৰ যুক্তি, পোৱা নোপোৱা , উত্থান পতন এই সকলোবোৰ জীৱন নামৰ কিতাপখনৰে একো একোটা পৃষ্ঠা । গতিকে , জীৱনত নোপোৱাবোৰকলৈ কোনো বেথা থাকিব নালাগে বা অধিক পাবলৈ বাসনা নাই । জীৱনে লৈ যোৱা বাটত নীৰৱে খোজ পেলোৱাটোৱেই শ্ৰেয় । এইখিনিলৈকে চাগে ঠিকেই বুজিছোঁ ! তথাপি , বহু অধ্যায় এতিয়াও বাকী । এই নিঃসংগতাই মোক বৰকৈ আমনি কৰে । হয় , আচৰিত হ'বলগীয়া একো নাই । এইবোৰ জীৱনৰ কিছু ধামখুমীয়া ! কিন্তু , কেতিয়াবা এনে কিয় লাগে , যেন জীৱনটো মাত্ৰ দুটা অৱস্থানৰ মাজতেই দুলি থাকে । আপোনাৰ তেনেকুৱা হয়নে কেতিয়াবা ? অকলশৰীয়া দূৰ কৰিবলৈ পাহৰিব খোজা সেই ন-পুৰণি স্মৃতিবোৰৰ মাজলৈকে বাৰে বাৰে উভতি অহা যায় ; কিন্তু যেতিয়াই বিৰক্তিয়ে আগুৰি ধৰে ,সেই মানুহবোৰক , সেই স্মৃতিবোৰক জীৱনৰ পৰা আকৌ ঠেলি পঠোৱা যায় ! মন কৰিবচোন মাথোঁ দুটা দ্বন্দৰ মাজতেই দেখোন আজি কম্পমান এই জীৱন !!
~ মনোজ
Comments
Post a Comment