তোমাৰ হাঁহি
তোমাৰ হাঁহি
দুবাহু মেলি আছোঁ আজি
ক'বলেই কথা
আছে মোৰ বহু বাকী
হিয়াৰ দাপোনত তোমাৰে ছবি
মচিব নোৱাৰো তেজেৰে আজি
কেতিয়া পাম তোমাক ঘূৰাই
আহিবানে তুমি আগুৱাই ?
তোমাৰ হাঁহি .....বহু বাকী
জোনাকী , সুৰৰে মায়াৰে
নিলীমাৰ সুবাসী সপোনে
প্ৰতিপলে অনুপলে
তোমাৰেই কামনা
বাৰিষাৰে একাচলি
স্মৃতিৰ বাসনা
নিজানৰ পদূলিত তোমাৰ চাৱনি
হাঁহিৰে বিলাবা মৰম এধানি
কাষৰত আহিবা এদিন
জগাবা সপোন গভীৰ
তোমাৰ হাঁহি ....বহু বাকী
Comments
Post a Comment