দোমোজা
দোমোজা কিহৰ ?
অসীম , অনন্ত , দিগন্ত !
কাৰ নো সন্ধান ?
জীৱনৰ নো কি পৰিসীমা ,
কাহিনীৰ জানো আছে সীমনা ?
' নিৰন্তৰ '
আজি কাক সুধিবা ;
তোমাৰ উপস্থিতিৰ ভূমিকা ,
বিচাৰি লোৱা নীৰৱ তুলিকা !
এটি শিখা ,
যদি চিৰ জ্বলন্ত
নিশ্চয় হোৱা নাই তাৰ
সমলৰ অন্ত ;
তেন্তে , চিন্তা কিহৰ
মাথোঁ ভাঙি চোৱা প্ৰহেলিকাৰ উত্তৰ ।
~ মনোজ
Comments
Post a Comment