অপেক্ষা
এটি নিৰাকাৰ প্ৰতিমূৰ্তি
শেষৰাতি , অনবৰতে মোক খেদি ফুৰা এটি স্বপ্ন
কিহৰ বেদনাত আজি বৃন্তচ্যুত হেজাৰ গোলাপ ?
কি তাড়নাত স্তব্ধ এই মধ্যচ্ছদাৰ লয়লাস ?
কোনেনো জানে !
কাৰ কি হাবিয়াস ।
সেই যে সন্ধিয়াটো ,
এজাক ৰঙীন বৰষুণ
কিছু নিশব্দতা আৰু তুমি
জানা !
আজিও জীৱন্ত মোৰ হৃদয়কোনত ।
আকৌ আহিবাচোন ...
এটি মধুৰ সন্ধ্যাত
হেঙুল ৰঙত বিলীন হ'বলৈ
সময়ৰ হাকুটিয়ে নমাই অনা সুৰুযৰ
অন্তিম ৰহণ বুটলিবলৈ !
মাথোঁ অপেক্ষা ....
~মনোজ
Comments
Post a Comment