Symphony~ a therapy of mind

বাধ্য-বাধকতা হব পাৰে আজি তোমাৰ সংগী ,কিন্তু জানিবা , তোমাৰ মনটো সদায় মুক্ত , আকৌ এবাৰ খুলি দিয়া বন্ধ হৈ পৰা মনৰ দুৱাৰ ! সজা খুলি উৰা মাৰিবলৈ আৰু বেছি দিন নাই , এই যান্ত্ৰীকতাৰ পৰা , বহু দিগন্তলৈ ! কাৰো নুশুনিবা , পিছলৈ নাচাবা ! অকলশৰীয়া যেন লাগিলে নিজৰ মনটোকে জুমি চাবা ! নিশ্চয় ভাহি আহিব স্মৃতিৰ এটি কাচিয়লি ! আৰু এটা কথা , কবিতাৰ ভাষাৰেই কওঁ ...

     অস্থিৰ নহ'বা,
হতাশাক প্ৰশ্ৰয় নিদিবা 
এবাৰ চকুযুৰি মুদি অনুভৱ কৰা ,
তোমাৰ অন্তৰাত্মক জোৰ পেলোৱা
সেই মায়াবী সুৰ-সমলয়ে 
নিশ্চয় লৈ যাব তোমাক 
সপোন নগৰীৰ দিশে ...

~ মনোজ








Comments