THE DELIVERY BOY
কৰ্মব্যস্ত মহানগৰী । ব্যস্ত ৰাজপথ , দোকান পোহাৰ , ক'ৰ্ট- কাছাৰী ! মাজে মাজে সেই একেই চিনাকী শব্দৰ অনুৰণন ; 'এই ...জালুকবাৰী , জালুকবাৰী ...!'
মাহৰ শেষৰটো দিন । Amazon.in ৰ ৰঙীন T-shirt পিন্ধি থকা নীলিমে চাহ একাপকে খাওঁ বুলি ফুটপাথৰে এখন সৰু দোকানৰ ওচৰত তাৰ bike খন ৰখালে । 'দাদা, চাহ একাপ দিব !' চাৰিওফালৰ ব্যস্ততাবোৰ সামৰি এটা সপোন বুকুত বান্ধি এই মায়ানগৰীলৈ অহা আজি তাৰ প্ৰায় ৪ বছৰেই হ'ল । চাহৰ প্ৰথমটো চোহা লওঁতেই হঠাৎ নীলিমৰ ফোনটো ৰিং কৰি উঠিল । লগে লগে চাহকাপ সোনকালে শেষ কৰি PARCEL ৰে ভৰি থকা প্ৰকাণ্ড বেগটো পিঠিত বান্ধি জুলাই মাহৰ প্ৰখৰ ৰ'দতে মহানগৰীৰ TRAFFIC ৰ মাজেৰে bike চলাই সি মাহটোৰ শেষৰটো দিনৰ DELIVERY দিবৰ বাবে আগবাঢ়িল । এটা সময়ত সি bike খন এটা সৰু গলিৰে আগবঢ়ালে । অলপ সময়ৰ পিছত এটা দুমহলীয়া ঘৰৰ সন্মুখত সি ৰ'লগৈ । ' A/301, বিজয় চলিহা ' ; হয় এইটোৱেই ঘৰ ,' এইবুলি মুখেৰে ভোৰভোৰাই সি ঘৰৰ CALLING BELL টো বজালে । এয়া মহানগৰীৰ এজন উচ্চপদস্থ বিষয়াৰ ঘৰ । কিতাপৰ টোপোলা এটাৰ delivery আছিল । সি CALLING BELL টো বজায় অলপ পৰ ঘৰটো নিৰীক্ষণ কৰি থাকোতেই দৰ্জা খোলাৰ শব্দ শুনা গ'ল । নীলিমে লগে লগে সংযত হৈ ক'লে,' দাদা, আপোনাৰ PARCRL ।' নীলিমৰ সন্মুখত তাৰে সমবয়সীয়া এজন ল'ৰা থিয় হৈ আছিল । ফোনত কথা পতাত ব্যস্ত । ' অ' পাৰ্থ ... এই নাই , দেউতাৰ কথা তইটো জান'ই ! এতিয়া মোক সেই IPS বনোৱাৰ কথা ভাবি তাৰ পৰীক্ষাৰ বাবে কিবা কিতাপ ORDER দিয়াইছে । এসপ্তাহ ধৰি মোক পাগল কৰি আছে । এইবিলাক যে মই ক'ত দলিয়াই পেলাম ', এইদৰে গলগলীয়া কণ্ঠস্বৰত কথা পাতি পাতি ল'ৰাজনে নীলিমৰ পৰা কিতাপৰ টোপোলাটো ৰাখিলে আৰু উপযুক্ত টকাখিনি হাতত দি তাক যাবলৈ ইংগিত দিলে ! কিন্তু, নীলিমৰ মনটোত ইতিমধ্যে এটি খুদুৱনিৰ সৃষ্টি হৈছিল । সি সংকোচভাৱেৰে ল'ৰাজনক সুধিলে ,' দাদা , বেয়া নাপায় যদি মই এই কিতাপকেইখন এবাৰ চাব পাৰিম নেকি ?' 'হয়, নিশ্চয় পাৰিবা ', ল'ৰাজনে ক'লে । ল'ৰাজনৰ অনুমতি পায় নীলিমে টোপোলাটোৰ পৰা এখন কিতাপ উলিয়াই চায় । লগে লগে এটি সত্যই নীলিমৰ মনটোক আকৌ এবাৰ জোকাৰি যায় ।
নীলিমৰ সেই দিনটোলৈ মনত পৰে, যিদিনা সি সুখ্যাতিৰে H.S পাছ কৰি 'কটন'ৰ মজিয়াত ভৰি দিছিল । বেলেগৰ নিচিনাকৈ সপোন সিও দেখিছিল । সিও স্থিৰ কৰি লৈছিল তাৰ গন্তব্য ! সৰুৰে পৰা গাঁৱৰ বহু সমস্যাৰ সৈতে সি ডাঙৰ দীঘল হৈছে । সমাজৰ দুৰ্নীতিবোৰৰ লীলা-খেলাও সি এতিয়া বুজি পোৱা হৈছে । এজন আৰক্ষী কনিষ্টবল হৈও দেউতাকে তাক ডাঙৰ সপোন দেখিবলৈ শিকাইছিল । এজন IPS বিষয়া হোৱাৰ সপোন ! যাতে দেশক ভ্ৰষ্টাচাৰীৰ কৱলৰ পৰা মুক্ত কৰিব পাৰে । যাতে, নিম্নশ্ৰেণীৰ অধিকাৰৰ বাবে থিয় দিব পাৰে । কিন্তু , এই সকলোবোৰ জানো সহজ আছিল ! সংঘৰ্ষও আছিল বহু বাকী ।
সেইদিনা B.A ফাইনেলৰ শেষৰটো পৰীক্ষা আছিল । পৰীক্ষাৰ পিছত COARCHING লোৱাৰ পৰিকল্পনাও সি কৰিছিল । কিন্তু, হঠাৎ দেউতাক এটি টান নৰিয়াত ভোগে আৰু চিৰদিনৰ বাবে ঘূনীয়াও হয় । আৰু এদিন দেউতাকৰ পেঞ্চনৰ টকাৰেও ঘৰ নচলা হ'ল । নীলিমো ইমানতে থমকি ৰব লগা হ'ল । পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কেইখনমান কিতাপ কিনাৰ সামৰ্থও তাৰ নোহোৱা হ'ল । কিন্তু, সপোনক জানো মৰহি যাব দিব পাৰি ! সি বিচলিত নহৈ তাৰ সপোনক পূৰণ কৰিবলৈ এদিন আকৌ এই মায়ানগীৰলৈ আহে আৰু এজন delivery boy হিচাপে কৰ্ম নিয়োগ কৰে । এতিয়া সি ৰাতিপুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ মহানগৰীৰ ইমূৰৰ পৰা সিমুৰলৈ বিভিন্ন সামগ্ৰীৰ DELIVERY দিয়ে । এই একেখিনি কিতাপকে কিনিবৰ বাবে যোৱা এমাহ ধৰি সি অহৰহ কাম কৰি আছে আৰু এনেকৈ কিমান দিন কষ্ট কৰিব লাগিব সিও নাজানে ।
নীলিমে কিতাপ এখন লৈ একেথিৰে কিবা ভাবি থকা দেখি ল'ৰাজনে তাৰ বাহুত এটা টোকৰ মাৰিলে । নীলিমৰ সম্বিত ঘূৰি আহিল আৰু সি ল'ৰাজনৰ হাতত কিতাপৰ টোপোলাটো পুণৰবাৰ দি ক'লে,' দাদা , মোৰো সপোন আছিল এজন সুখ্যাত IPS বিষয়া হোৱাৰ ! কিন্তু, জীৱনে কেতিয়া কোনফালে গতিপথ সলায় কোনেনো জানে ? সময়ৰ ধামখুমীয়াত মোৰ সেই সপোন আজিও সপোন হৈয়ে ৰ'ল । কিন্তু , আপুনি এই সকলো বোৰ পাইছে , যি কোনোবাই বহু হাবাথুৰি খাইও পোৱা নাই । গতিকে , আকৌ এবাৰ ভাবি চাওক । প্ৰাপ্যক সন্মান দিয়ক !'
এইবুলি কৈ নীলিম যাবলৈ লয় । ল'ৰাজন আচৰিত হৈ নীলিমৰ যোৱা বাটে একেথিৰে চাই ৰয় ...।।
~ ইমানেই আছিল আজিৰ কাহিনী ...
THE DELIVERY BOY
~ মনোজ
Comments
Post a Comment