FAITH
অন্ধকাৰেই আছিল সেইদিনা
দেখিছিলোঁ ; পঞ্চভূতৰ উদ্যাম নৃত্য
শুনিছিলোঁ ; মৰুভূমিৰ অট্যহাস্য !
আৰু ; দশোদিশ গ্ৰাস কৰা
ক'লা ডাৱৰৰ মাতাল গৰ্জন
আজিও মোৰ কৰ্ণপটহত তাৰেই গুঞ্জন !
কিন্তু, তেতিয়াই হৈছিল তোমাৰ মিলন
সংশয় দেৱালৰ দৰ্পচূৰ্ণ কম্পন
তেজপিঁয়া পাষণ্ডৰ উচিত মৰণ ।
যুঁজিব শিকাইছিলা
আশাৰ জোৱাৰ আনিছিলা
তুমিয়েই সেই বিহংগ
মোৰ ' বিশ্বাস '
আকাশ ভেদী উৰা মৰা
এটি পোহৰৰ প্ৰকাশ ।।
~ মনোজ
Comments
Post a Comment