ভ্ৰম
মই ভবাৰ দৰে ;
সকলোবোৰ সহজ নাছিল
সুচল নাছিল মোৰ যাত্ৰা
এটি ভুলৰ বাবে ,
হেজাৰ ভুলৰ পৰিধিত
আজি দগ্ধ মই !
সৃষ্টি কৰিলো
অলেখ কৃত্ৰিমতা
য'ত নাই কোনো মোৰ অস্তিত্ব,
আৰম্ভণিৰ উৎস বিচাৰি
পাৰ হ'ল শত বসন্ত
কি যে অদ্ভুত ভ্ৰম এয়া !
তথাপি, কিয় অস্থিৰ মই ?
কেতিয়াবা এনে লাগে যেন
কিবা এটা আকৌ ঘটিব ;
'য'ত আৰম্ভণি ; তাতেই অন্ত'
জন্ম আৰু মৃত্যুৰ মাজৰ
এয়াই জীৱনচক্ৰ
এফালে যদি পোহৰ , আনফালে এন্ধাৰ
এই খেলখনৰ তুমি
কাৰ পক্ষ ল'বা ?
প্ৰকৃত সংযোগী, আজিও অদৃশ্য,
চকুৰ আগত ভাঁহি থাকে
মাথোঁ এটি অবুজ প্ৰশ্ন !
~ মনোজ
Comments
Post a Comment