জোনাকী(গান)
জোনাকী, তোমাৰ মুখনি
মায়াবি, তোমাৰ চাৱনি,
প্ৰতিপল অনুপলে
তোমাৰেই ছবি,
প্ৰতি উশাহে নিশাহে
তোমাৰেই হাঁহি ;
জোনাকী .....চাৱনি
নিশা-নিশা নিহালীতে সপোনৰে বৰষা
হাঁহি হাঁহি আঁতৰুৱা জীৱনৰে আলিবাট !
অনুভৱৰ দলিছাতে পাৰ হোৱা সেই সময়,
ঘূৰি আহিবনে আকৌ এবাৰ সেই প্ৰণয় !
প্ৰতিপল অনুপলে তোমাৰেই ছবি
প্ৰতি উশাহে নিশাহে তোমাৰেই হাঁহি
জোনাকী ....চাৱনি
Comments
Post a Comment