বিহঙ্গম

তোমাৰ দৃষ্টি বিহঙ্গম
মোৰ নিৰ্মম হৃদয়ত
     খলকনি জগাব পৰা 
এটি আশাৰ স্বৰগম ;

ছন্দৰ জগতখন তোমাৰ কেনেকুৱা লাগে ?
চাবাচোন,
  এটা শাৰীৰ সৈতে আনটোৰ অন্তিম মিলন ;
এনে লাগে যেন, এটি স্বৰৰ এনাজৰী বৈ যায়
    হৃদয়ৰ সীমনাইদি ...

কবিতা মোৰ স্বতঃস্ফূৰ্ত
নিভাঁজ অনুভূতিৰ সূক্ষ্ম বিশ্লেষণ
   য'ত মই,
কৃত্ৰিমতাৰ স্থান দিব নিবিচাৰোঁ
যান্ত্ৰিকতাৰ ছাঁ পেলাব নোখোজোঁ !
  মই বিচাৰোঁ,
এখন নদীৰ দৰে বৈ যাওঁক
সৃষ্টি কৰক সপ্ত সুৰৰ কলৰৱ !
.....

তুমি হয়তো বুজি উঠিলা
মই যে নিষ্ঠুৰ নহয়,
মোৰ আশাবোৰে...নোপোৱাৰ বিষাদবোৰে
কেতিয়াবা বৰ আমনি কৰে
পাগল কৰি তুলে,
অজানিতে কৰা ভুলৰ বাবে
মোক ক্ষমা কৰিব পাৰিবানে ?
   মাথোঁ এবাৰ .....

@ মনোজ

Comments