অজানিতে...

# অজানিতে...


এটি গুৰি পৰুৱা অজানিতে বগাই আহি মোৰ হাতৰ মনিবন্ধনৰ ওচৰ পালেহি । কিলবিলাই আছিল । হয়তো, সি দিকভ্ৰষ্ট , নতুবা কাৰোবাৰ সন্ধানতেই আছে । মই আনখন হাতৰ দুটি আঙুলিৰে তুলি ধৰিলোঁ তাক । তাক সঠিক স্থানত ৰখাৰ বাবে । কিন্তু, মোৰ দুটি আঙুলিৰ স্পৰ্শ তাৰ বাবে যে আছিল বৰ যন্ত্ৰণাদায়ক । মোৰ নিৰ্মম আঙুলিৰ চেপাত তাৰ শৰীৰৰ ক্ষুদ্ৰ অঙ্গবোৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰিল । যন্ত্ৰনাত সি চাটফটাব ল'লে ! এখন উকা পৃষ্ঠাৰ ওপৰতে তাক ৰাখিলো । সি তেতিয়াও চাটফটাই আছিল । তাৰ চলনাঙ্গবোৰ অচল হৈ পৰিছিল । প্ৰাণ যোৱাৰ আশংকাত সি ধৰফৰাব লৈছিল আৰু তেনেকৈয়ে এটা সময়ত সি স্তব্ধ হৈ পৰিল , সাৰসুৰ নাই । হয়, অজানিতে মইও ভুল কৰি পেলালোঁ , জ্ঞানহীনতাত ভুগিছোঁ , হয়তো মই তুলি ল'ব নালাগিছিল তাক , সি হয়তো নিজেই তাৰ সঠিক পথৰ সন্ধান কৰিলে হয় ! মই কোমল বুলি ভবা মোৰ আঙুলিৰ স্পৰ্শ তাৰ বাবে যে আছিল প্ৰাণ কাঢ়ি নিয়া এপাত অস্ত্ৰ । অলপ পৰ পিছত সেই উকা পৃষ্ঠাখনলৈ মোৰ চকু গ'ল ! তেতিয়া তাৰ অৱশিষ্ট তাত নাছিল । হয়তো, এছাটি সমীৰৰ চেঁচা স্পৰ্শত সি আঁতৰি গ'ল...তাৰ গন্তব্যলৈ !

@মনোজ

Comments