# অন্তৰীক্ষ
নিশা শেতেলীত ভাগৰৰ চকুহাল মুদি তাই অন্তৰীক্ষক বিচাৰি ফুৰে । অশেষ চেষ্টা কৰিও তাই টোপনি আনিব নোৱাৰে । কেতিয়াবা এখন কাল্পনিক অন্তৰীক্ষৰ অলেখ তৰাৰ মাজত আপোন পাহৰা হৈ পৰে । কিবা এটা বিচাৰি পোৱাৰ হেঁপাহত তাইৰ কপাহী ওঁঠ দুটিৰে এটি হাঁহি বিৰিঙি উঠে । হঠাৎ এগালমান ধুমকেতুৱে তাইৰ বাট আগুচি ধৰে আৰু তাইৰ স্বপ্ন ভংগ হয় । এটি মিঠা সপোনক বলিদান দি চকুদুটা মোহাৰি তাই বাহিৰলৈ ওলাই আহে । নিশা গভীৰ হৈ আহে । জোনাকীৰ সভাত ইতিমধ্যে অলেখ তৰাৰ সমাগম । জোনৰ পোহৰে উজলাই তুলিছে ধৰণী । তাই আকৌ আপোন পাহৰা হৈ পৰে । অন্তৰৰ সকলোবোৰ দুখ সামৰি তৰাভৰা অকাশখনলৈ চাই ৰয় ....
@মনোজ
Comments
Post a Comment