PROHELIKA (গান)
|| দিশহাৰা মই,
বিচাৰিছোঁ হেৰুৱা সময়
জীৱনৰে উন্মাদনাৰ
অনুৰণন...
সপোনৰে সেই
প্ৰহেলিকা খেদি খেদি মই
ভাগৰিছোঁ জীবনৰে এই
দোমোজাতে... ||
|| আজি মোৰ কবিতা ছন্দহীন
বিচাৰি নোপোৱা অন্তঃমিল
শান্তি বিচাৰি ফুৰা মোৰ এই প্ৰহৰ...
আজি মোৰ প্ৰতিঘাত অন্তহীন
বিচাৰি ফুৰিছোঁ সমিধান
জীৱনৰ অনুতাপ কিয়নো গতিশীল ? ||
|| যাযাবৰী জীৱনে কয়
কোন তোমাৰ সাৰথি
এন্ধাৰৰ মাজে মাজে
কিমান দূৰ পালাহি (2) ||
|| এতিয়া শূন্যতা চৌদিশে
আঁকোৱালি লোৱা নীৰৱে
অসীমৰ বিহগে দিব খুজিছে এই খবৰ ...||
...
|| আজিও ৰৈ আছোঁ মই
পোহৰৰ অনুৰাগী হৈ
সপোনৰ অভিমানে
শিপালে শিহৰণি নৈ ......||
@ মনোজ
ই এটি প্ৰশ্ন, সেয়া জীৱন ; এটি সাঁথৰ , যাৰ উত্তৰ নিৰন্তৰ । এন্ধাৰৰ মাজেৰে শূন্যতাক আঁকোৱালি শান্তিৰ সন্ধানত এয়া এক অন্তহীন যাত্ৰা । পোহৰৰ অনুৰাগী হৈ হেৰুৱা সময় ঘূৰি অহাৰ অপেক্ষাত কটোৱা এয়া এক নৈ:শব্দ প্ৰকাশ...
Comments
Post a Comment