নদী
নদীৰ দৰে ব'ব মন যায় । শিলৰ মাজেৰে ঠেকা খাই সৃষ্টি কৰিব মন যায় এটি সপ্তসুৰৰ লহৰ । মৌনতাত বিচাৰি চাব মন যায় ব্যাকুল কৰি তোলা সেই স্বৰৰ নিনাদ । বিশ্বাসেৰে বান্ধি ৰাখিব মন যায় মনৰ গভীৰতাক । এয়া, এধানি ৰং বিচাৰি ফুৰা আমাৰ যাত্ৰা । বলকচোন , বিচাৰি যাওঁ হৃদয়কোনত নিহিত হৈ থকা এটি আশাক ....
---মনোজ
Comments
Post a Comment