প্ৰতিশ্ৰুতি

....সময় বাগৰি যায় । এৰি থৈ যায় বহু স্মৃতিৰ সঁফুৰা । তাৰে কিছুমান পাহৰি যোৱা যায়, কিছুমান আৱেগ মিশ্ৰিত আৰু কিছুমান এনেকুৱা যিয়ে আগলৈ জীয়াই থকাৰ উৎস হৈ পৰে ! এয়াই জীৱন; এখন খোলা কিতাপ , যাৰ প্ৰতিটো পৃষ্ঠাই দি যায় এক অনন্য সুবাস , এক সুকীয়া মাদকতা ....!
     চাওঁতে চাওঁতে দহটা বসন্তই পাৰ হৈ গ'ল । আজি ঘূৰি আহিছোঁ স্মৃতিৰ টোপোলাৰ সেই বাস্তৱখিনিলৈ ! ঘূৰি আহিছোঁ মিঠা মিঠা লগা অপ্ৰকাশিত মধুৰতাবোৰৰ মাজলৈ ! সেই নীলা আকাশখনিৰ বুকুত ঢৌ খেলি থকা শুভ্ৰ মেঘৰ আভাই আজি যেন সকীয়াই দিব খুজিছে তাই অহাৰ কথা ;হয় ,  প্ৰতিশ্ৰুতিৰ বতৰা , মোৰ হৃদয় কোণত অনবৰতে নিহিত হৈ থকা এটি মধুৰ কবিতা ! কৃষ্ণচুড়াৰ পৰশত নাচি উঠা সমীৰেও যেন আজি লৈ যাব খুজিছে সেই মুহুৰ্তৰ মাজলৈ । সচাকৈ , আজি অস্থিৰ হৈ পৰিছে মোৰ মন আকাশ ...।

     সাধাৰণভাবে ডাঙৰ হোৱা মোৰ মনটো পুনৰবাৰ জী উঠিছিল ; যিদিনা তোমাক দেখিছিলোঁ । পোৱা নোপোৱাৰ বেমেজালিৰ অন্ত পেলাই আকৌ ৰচিব শিকিছিলোঁ জীৱনৰ ৰঙীন কাহিনী ।

    আজিও জীপাল সেই মুহূৰ্তবোৰ । কৃষ্ণচূড়াৰ তলৰ আলাপ । ক্লাছৰ ফাঁকেৰে জুমি জুমি চোৱা তোমাৰ মৌসনা হাঁহিটো । তোমাৰ আজলী চুলিকোচাত আবেলিৰ উন্মাদ ৰ'দ কাচলিয়ে কৰা লুকাভাকু । কাজলসনা দুচকুৱে ক'ব বিচৰা বহু অবুজ কথা । বুকু ভেদি যোৱা তোমাৰ সজল চকুৰ নীৰৱ চাৱনি ! উথলি অহা আৱেগত যেন মই কৈ পেলাম,' প্ৰতিশ্ৰুতি , তোমাৰ ওঠৰ ফাঁকেৰে বৈ অহা হাঁহিটোত বিলীন হ'ব দিবানে ?

    কেতিয়াবা স্তব্ধ কৰি দিব মন যায় সময়ৰ গতিশীলতাক । শান্ত সমীৰৰ নম্ৰ ঢৌৰ মাজত এবাৰ তোমাক লগ পাবলৈ মন যায় । যেন অজান কোনোবা উৎসৰ মনপৰশা গীতে আবেগৰ সুবাস সিঁচি যাব । ঘৰমুৱা পক্ষীজাকৰ কোলাহলোঁ যেন হৈ পৰিব মোৰ ভাল লগা সেই গীতটি । আৰু তোমাৰ উপস্থিতিত হেঙুল ৰহনে মোক ভাল লগাতকৈও ভাল লগা এটা দি যাব !

     হৃদয়ত তোলপাৰ লগোৱা এমুঠি সপোন, এবুকু হেঁপাহ আজিও থমকি ৰ'ল । অনুভৱী অনুভৱৰ ঠাহ খাই থকা ভালপোৱাবোৰ মোটা চশমাৰ ফ্ৰেমৰ আঁৰত আজিও লুকাই পৰিল । প্ৰতিশ্ৰুতিক আজিও একো কোৱা নহ'ল । প্ৰকাশৰ ৰং সানিবলৈ সি তাৰ ভালপোৱাক আজিও অনুমতি দিব নোৱাৰিলে ....




Comments