Promise/ song
স্মৃতিৰ এধানি ৰঙেৰে আজি
আৱিৰ সানি যায় হৃদয়তে মোৰ
পুৱতি নিশাৰ সপোনে আহি ক'লে...
তোমাৰেই কথা
মৰমৰে মোৰ বেমেজালিত
মনে মনে মই প্ৰতিবাদী
খেদি খেদি মোৰ অনুৰাগী...
অতীত
সপোন সপোন লগা সময়ে
আজি মনৰ নিজানতে, ধৰা দিলে গোপনে
হৃদয়ৰে সমিধান
তোমাৰেই কবিতাত,
বোৱালা মৰমৰ এনাজৰী
নোৱাৰো সহিব
প্ৰতিদিন দোমোজা,
আছে মোৰ ৰাখিব
সোৱৰণি...
উকা উকা লগা মনত, সানি দিলা জীবনৰে ৰং
তুমি তুমি লগা ভাৱৰ পৰিধি নেওচি মই,
লাগে মাথোঁ এধানি সুখ
জীয়াবলে জীৱনতে
সমীৰে মোক দিবহি সেই
নিলিমাৰে সুৰ...
সপোন সপোন .......সোৱৰণি
আশাই আনিব
জোৱাৰ সপোনৰে
চিৰদিন তোমাৰ কথাকে
ৰাখিম যতনে ।।
~ মনোজ
Comments
Post a Comment