অমোঘ
কোনদিশে ছিটিকিছে আজি
মোৰ আশাৰ ফিৰিঙতি ?
মাথোঁ আগবাঢ়িছো,
এটি অন্ধকাৰময় গহ্বৰৰ মাজেৰে;
বিনাদ্বিধাই....
অমোঘ গতিৰ এয়া মোৰ
লক্ষ্যহীন যাত্ৰা...
মানসপটত ভাহি ৰৈছে এখনি প্ৰতিচ্ছবি
অপেক্ষাৰত এযোৰ সজল চকু
বাকৰুদ্ধ মই ...
নিষ্প্ৰভতাক নেওচি মাথোঁ গৈ আছোঁ
আৰু অৱশেষত ,
কম্পিত ভৰি দুখনে সকীয়াই দিছে ,
মোৰ অন্তিম সময়ৰ কথা;
পিছে , আজি আছেনে কোনোবা
মোৰ কাহিনী শুনিবলৈ ?
কোনো নাই ....
ব্যৰ্থ যদিও শেষ কৰিব বিচাৰো
মাত্ৰ এটি হাঁহিৰে ....
~ মনোজ
Comments
Post a Comment