ঘূৰি আহিব
খিৰিকী খনেৰে সুমাই অহা এজাক চিনাকি বতাহে তাক আকৌ এবাৰ অস্থিৰ কৰি তুলিলে । তাইৰ অনুপস্থিতিত আজি এমাহ বাগৰি গ'ল ! কিন্তু, হঠাৎ এই চিনাকি বতাহছাতিয়ে যেন তাক হেৰুৱা ৰহণ সানি গ'ল ! বিষাদমিশ্রিত তাৰ চকুৰপতা পুনৰ জীপাল হৈ উঠিল । উত্তাৱল হৈ সি খিৰিকী খনৰ কাষ পালেহি । মুখত এটি হাঁহিৰ জিলিকণি লৈ সি বাৰে বাৰে খিৰিকীৰে চালে । কিন্তু, ব্যৰ্থতাই তাক দংশন কৰিলে আৰু মনত পেলাই দিলে সেই ঘোৰ সত্যক । সি জোৰেৰে চিঞৰি উঠিল ,' তাই আকৌ ঘূৰি আহিব , ঘূৰি আহিব ।' হুকহুকাই কান্দি পৰিল সি ; বহু দিনৰ ঠাহ খাই থকা বেদনা বোৰ যেন এখন সাগৰ হৈ তাৰ চকুৰে বাগৰি আহিল । তেনেতে, এটি বাঁহীৰ সুৰ ভাহি আহিল । লগতে সংগ দিলে পাহাৰৰ দাঁতিৰে প্ৰবাহিত নিজৰা মধুৰ শব্দই । সি সেই মুহূৰ্তলৈ ঘূৰি গ'ল যিদিনা প্ৰথম লগ পাইছিল তাইক ।
Comments
Post a Comment