প্ৰকৃতি

তোমাৰ বুকুতেই জন্ম ল'লো 
এক ৰহস্যময়, অনুভৱময় আলিংগনেৰে
পাৰ কৰিলোঁ মোৰ
শৈশৱ, কৈশোৰ আৰু যৌৱন !
দুচকুৰ মুকুতাৰে গাঁঠিলোঁ অলেখ মালা,
তোমাৰ অপৰূপ সৌন্দৰ্য্যৰ
অব্যক্ত-বিমূৰ্ত অনুভৱে ;
মোৰ হৃদয়ত অনবৰতে জগাই 
আশাৰ হেন্দোলনি
যেন, কুৰুকি-কুৰুকি সুমাই যাম
তোমাৰ বুকুৰ অটল গহ্বৰলৈ ।

নীলা আকাশেই মোৰ আবাস
নীলা সাগৰেই আধাৰ ,
তোমাৰ সুবাসিত এজাক বতাহে
কঁপাই যোৱা লহৰবোৰ উত্ৰাৱল হৈ পৰে
অৰুণৰ উমাল পৰশত ;
প্ৰকৃতি , এটা কথা জানানে ?
তুমি ছটিয়াই যোৱা ঋতুৰ ৰঙেৰে
আমি বুলাই যাওঁ মন তুলিকা,
পশ্চিমৰ ৰঙা বেলিয়ে মেলানি নামাগে মানে
মন তুলিকাৰ অবিৰাম যাত্ৰা !

গ্ৰীষ্মৰ ৰ'দ, বৰ্ষাৰ কলীয়া ডাৱৰৰ গৰ্জন
এই সকলোৰে অন্ত পেলাই 
তোমাৰ বুকুলৈ নামে শৰৎ,
জীৱন নদীৰ পাৰৰ কঁহুৱা,
কেঁচা দুৱৰিৰ পাতে পাতে মুকুতা
পৱন মতলীয়া শেৱালিৰ সুবাস,
নীলা বিশাল আকাশৰ বুকুত 
শুকুলা মেঘৰ ৰাগি,
এনেলাগে , ই যেন এটি জীৱনৰ ছন্দ !
সব্যসাচী হাতৰ পৰশত প্ৰাণ পোৱা 
শ্যামলীৰ গৰ্ভভেদি এদিন ওলাই আহে
দীৰ্ঘদিনৰ আশাৰ ফচল ;
এনেকৈ হঠাতে, শৰতৰ ডাৱৰবোৰ মুক্ত হয়
জ্যোৎস্নাভৰা ধৰাখনে সাৰ পায়,
শীতৰ সিক্ত তিমিৰ, কুঁৱলীভেদি অহা সুৰুযে
পোহৰৰ নাও মেলি দিয়ে;
লাহে লাহে দিনবোৰ বাগৰে
কুঁহিপাতেও সাৰ পায়
নাঙঠ গছবোৰ পূৰ্ণ হোৱাৰ উলাসত
কবিজনৰো ভৈৰৱ ৰাগত
এটি গীত গাবৰ মন যায় !
সচাকৈ অতুলনীয় তুমি ...

কিন্তু, আজি তোমাৰ সেউজ শীতল বুকুত
মুখা পিন্ধা মানৱৰ দপদপনিত
বৃন্তচ্যুত গোলাপপাহিৰ দৰে 
তুমিও আৰ্তনাদ কৰি উঠা ,
কলুষতাৰ ভৰত তুমি নীৰৱে দগ্ধ ;
মোৰ বিশ্বাস , কালৰাত্ৰিৰ বুকুতে 
প্ৰভাতী সুৰুযৰ আভা ,
হয়তো এদিন সকলোৱে বুজিব
তোমাৰ স্থিতিৰ মূল্য !

অ' , আজি মোৰ বিদায়পৰতো
তুমি আহিছা , এটি সুৰৰ পখিলা হৈ
শেষ যাত্ৰাৰ সংগী হ'বলৈ  ।।

Comments