তমসা
'আজিৰ এই ব্যস্ততা
কিহৰ বাবে ?
কাৰ বাবে ?'
এটি অনুদাত্ত সুৰৰ আলোড়ন
সন্মুখত অনিশ্চিত জীৱন !
নিয়মৰ সন্ধিত আমি আবদ্ধ
ইচ্ছা কৰিও জানো পাৰো সলাব ?
সময় চলনাময়ী,
এটি অচিন পাকচক্ৰলৈ ঠেলি
তোমাৰ ৰং চাব ।
মই জানো,
জীৱনৰ তাড়না অনিবাৰ্য
তুমিও সাজিব খোজা নাছিলা
মৃত্যুৰ পিৰামিড,
কিন্তু, একো নভবাকৈয়ে
এদিন গুচি গ'লা !
বেলেগে গ্ৰহণ কৰি ল'ব সত্যক
পিছে, মোৰ পক্ষে কি ?
আজিও আশা-নিৰাশাৰ দ্বন্দ্বত
মোৰ নিদ্ৰাবিহীন ৰাতি,
খিৰিকীৰে মাথোঁ চাই ৰওঁ
সেই পাহাৰৰ আলিবাটটোলৈ,
এনে লাগে, তমসা নাশি
তুমি আকৌ আহিবা...
তেনেতে আহে,
এজাক ধুমুহাৰ প্ৰত্যাহ্বান
বন্ধ খিৰিকীখন জোৰেৰে খুলি
শূণ্যলৈ চিঞৰি মাথোঁ প্ৰশ্ন কৰোঁ,
'আজিৰ এই ব্যস্ততা
কিহৰ বাবে ?
কাৰ বাবে ?'
~ মনোজ
Comments
Post a Comment