ডাৱৰ
আকাশে সুধি যায় ডাৱৰক
বৰষাৰ কথা,
ডাৱৰে ভেকাহি মাৰি কয়,
'ইমান কিয় ভাল লাগে বৰষাক ?'
এবাৰ মোলৈও চাবা
হয়তো, নিজকে বিচাৰি পাবা,
অপ্ৰিয় হলেও সত্য যে
তোমাৰ নীল বৰণীয়া দেহাৰ সৌন্দৰ্য
নিৰ্ভৰ কৰে কেৱল মোৰ শুভ্ৰতাৰ স্থিতিত
আৰু, এনেকৈয়ে মই টুকুৰা-টুকুৰ হৈ
অটল অভিসাৰত সুমাই ৰ'ব খোজো
তোমাৰ বুকুত, চিৰদিন...
তোমাৰ বৰষাক চোৱাৰ হাবিয়াসে
মোকো কেতিয়াবা আমনি কৰে,
তোমাৰ অস্থিৰতাবোৰটো দেখি থাকিব নোৱাৰো
সেইবাবে ক'লা পোছাক পিন্ধো,
মোৰ হৃদয়খন হৈ ৰয় পাষাণ
দুখবোৰে সংঘাতৰ সৃষ্টি কৰে
আৰু তেতিয়াই বৰষে তোমাৰ বৰষা...
উত্ৰাৱল হৈ পৰা তুমি
লগতে প্ৰকৃতিৰ প্ৰতিজন অংশীদাৰ,
কিয়নো বৰষাৰ হাতত যে আছে
জীৱনৰ অমৃত সুধা
কোনো বেথা নাই,
তোমাৰ সুখেই মোৰো সুখ
এনেদৰেই জীয়াই যাম
তোমাৰ বুকুৰ মাজত,
অনন্তকাললৈ.....
~ মনোজ
Comments
Post a Comment