Skip to main content
Search
Search This Blog
Vet life
Share
Get link
Facebook
X
Pinterest
Email
Other Apps
December 25, 2020
অবোধ
আজি অভ্যস্ত মই
পোহৰৰ লুকাভাকুৰ সৈতে,
মোৰ এন্ধাৰ জগতত
নাজানো, কি বিচাৰি আহে !
শেঁতা চকুত খলকনি তুলি
গালে-মুখে কিবা আঁকি যায়
নিশব্দে...
এন্ধাৰত হেৰাই যোৱাৰ দৰে,
এয়া কিছু সান্তনা নে
মোক্ষ প্ৰাপ্তিৰ ইংগিত
সেয়া অবোধ...
~ মনোজ
Comments
Comments
Post a Comment