সপোনৰ ৰাজপথ
বিনিদ্ৰ ৰজনীৰ
এয়া মোৰ অপ্ৰতিভ ভাষা;
অনাই বনাই ফুৰা এটা মই
নিৰস্ত প্ৰহৰী...
সপোনৰ ৰাজপথৰ !
নিজক নাজানো,
অথচ নিজতেই মগ্ন;
কিয়নো, দিঠকতকৈ যে মোৰ
সপোন প্রিয় !
সেইবাবে ভ্ৰমি ফুৰো
অলৌকিক জগতখনৰ
মিছা অট্টালিকাবোৰৰ মাজত...
হয়তো ভাল লাগে ...
উঠন-পতনবোৰ,
আৰু দুখ নোহোৱা কৰা
নানাৰঙী লাইটৰ পোহৰ....
কিন্তু, কিয় ?
উত্তৰ সময়ে দিব !
~মনোজ
Comments
Post a Comment