এজাক ৰঙীন বৰষুণ

 সন্ধ্যা নামি আহিছে । দিগন্তত হেঙুল ৰহণ ছটিয়াই মেলানি মাগিছে সুৰুজ । অবিশ্ৰান্ত চহৰৰ কোলাহল । 'পাহি' এতিয়াও সুৰুজৰ শেষ ৰং চোৱাত ব্যস্ত । সন্ধিয়াটো কেতিয়া নিশাৰ অন্ধকাৰত বিলীন হৈ পৰিল; কেতিয়া এই এন্ধাৰ নাশি চহৰৰ প্ৰত্যেকটো কোণত বিজুলিবাতিবোৰ উজ্বলি উঠিল তাই গমেই নাপালে । এই সময়খিনি সেইবাবে তাইৰ ভাল লাগে ! নিঃসংগতাৰ পৰা কিছু আঁতৰত এপলক জীয়াবলৈ এটি সুৰুঙা বিচাৰি পায় । 
        হঠাৎ বতৰটো গোমা হৈ পৰিল । এজাক ক'লা ডাৱৰে ঢাকি নিব খুজিছে তৰা ভৰা
আকাশখনৰ নিশব্দতা ! দূৰ সীমনাত ম্লান পৰি ৰ'ল সপ্তৰ্ষিৰ ধ্যান । হয়, এজাক বৰষুণৰ আগমন ঘটিব । সমীৰৰ চেঁচা পৰশে আঁতৰাই নিব খুজিছে মলীনতাবোৰ ; হয়তো , বৰষুণজাকৰ সৈতে কিবা পন কৰিছে । আজি গধুৰ হৈ পৰা সময়ৰ পৰানো কি আশা কৰিব পাৰো, নতুনৰ নে আন কিবা ?  লাহেকৈ বৰষুণেও কিনকিনাইছে । নিজতেই মগ্ন হৈ থকা 'পাহি'য়ে বৰষুণৰ চেঁচা স্পৰ্শত পুনৰ ঘূৰি আহিল বাস্তৱিকতালৈ ! এই বৰষুণজাকে যেন তাইৰ স্মৃতিৰ সমস্ত দুৱাৰ মুকলি কৰি উলিয়াই আনিব খুজিছে এটি সাঁচতীয়া অধ্যায় । এক বুজাব নোৱাৰা অনুভূতি ...
               এজাক ৰঙীন বৰষুণ
            কিছু নিশব্দতা আৰু তুমি 
                         জানা ! 
          আজিও জীৱন্ত মোৰ হৃদয়কোনত ।
গোমা অকাশখনৰ ফালে চাই তাই স্বগতোক্তি কৰিলে । পৰাণৰ সৈতে বিয়া হোৱা আজি তাইৰ প্ৰায় ৫ বছৰেই গৰকিল । পৰাণৰ একো এটা নোহোৱালৈকে সিহঁত দুবছৰ গাঁৱৰ ঘৰতেই আছিল । বেলেগ ন'হলেও অকলশৰীয়া অনুভৱ হোৱা নাছিল । সময়বোৰ পাৰ হৈছিল কেতিয়াবা ঘৰৰ মানুহখিনিৰ মাজত নাইবা কেতিয়াবা প্ৰকৃতিৰ মাজত । 



Comments